অসম

assam

ETV Bharat / state

Gunotsav 2022: বিদ্যালয়ত উপস্থিত হৈ কিয় ভাবুক হৈ পৰিল বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ?

মঙলবাৰে কলগাছিয়া এম ই স্কুলত অনুষ্ঠিত হৈ যায় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav at Kalgachia)৷ গুণোৎসৱৰ মূল্যায়নৰ পৰ্যবেক্ষক হিচাপে বিদ্যালয়খনত উপস্থিত থাকে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ।

jonia-mla-present-at-kalgachia-school-on-the-second-phase-of-gunotsav-2022
Gunotsav 2022: কলগাছিয়াত এম ই স্কুলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

By

Published : May 24, 2022, 9:05 PM IST

জনীয়া, 24 মে':প্ৰায়‌ তিনিটা বছৰৰ অন্তত ৰাজ্যত পুনৰ অনুষ্ঠিত কৰা হৈছে গুণোৎসৱ(Gunotsav 2022) ৷ ইতিমধ্যে ৰাজ্যজুৰি সম্পন্ন কৰা হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৷ ইফালে, সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে কলগাছিয়া এম ই স্কুলত অনুষ্ঠিত হৈ যায় দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav at Kalgachia), য'ত উপস্থিত থাকে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম (Jonia MLA present at Kalgachia School)।

Gunotsav 2022: কলগাছিয়াত এম ই স্কুলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

কলগাছিয়া এম ই স্কুলত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত (Second phase of Gunotsav 2022)অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে বিধায়কগৰাকী ৷ ইফালে জনীয়াৰ বিধায়কগৰাকীয়ে নিজে পঢ়া বিদ্যালয়খনত গুণোৎসৱৰ মূল্যায়নৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিবলৈ পাই নষ্টালজি্ক হৈ পৰা বুলি কৰিলে উল্লেখ ৷

আনহাতে বিদ্যালয়ত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়াৰ লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নত কৰিবলৈ চৰকাৰক আহ্বান জনায় জনীয়াৰ বিধায়কগৰাকীয়ে ৷ ইফালে, চৰকাৰে বিদ্যালয়সমূহ একত্ৰিকৰণ কৰি বহু বিদ্যালয় বন্ধ কৰাৰো বিৰোধীতা কৰে জনীয়াৰ স্থানীয় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক :Gunotsav Assam 2022: এই গুনোৎসৱে নিৰ্নয় কৰিব পাৰিব নে ৰাজহুৱা খণ্ডৰ শিক্ষাৰ মান ?

ABOUT THE AUTHOR

...view details