জনিয়া, 7 আগষ্টঃ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰ তথা জনীয়া বিধানসভা সমষ্টিৰ এলেকাধীন শতাধিক গাঁৱত বিগত বানে বিধ্বংসী ৰূপ ধাৰণ কৰাৰা পাচত সম্প্ৰতি চাউলখোৱা নদীয়ে ৰূপাকুছি গাঁৱত আৰম্ভ কৰিছে গৰাখহনীয়া । সম্প্ৰতি ৰূপাকুছি গাঁৱত চাউলউখোৱা নদীৰ গৰাখহনীয়াৰ ফলত ১০ দিনৰ ভিতৰত ২০ টা পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ সকলো উৎস চাউলখোৱা নদীৰ বুকুত জাহ গৈছে । প্ৰাথমিক বৃত্তিৰ লগত সচৰাচৰ জড়িত নৈপৰীয়া পৰিয়ালকেইটাৰ চকুৰ সন্মুখতে নদীৰ বুকুত নিজৰ জীৱন-ধাৰণৰ সম্বল যেনে শালি ধান, মৰাপাটৰ খেতি, পুখুৰী, গছ-গছনি আদি নৈখনৰ খহনীয়াত জাহ যোৱাত সম্প্ৰতি পৰিয়াল কেইটা হৈ পৰিছে কাৰ্যত হতাশ তথা আশাহত ৷
জনীয়াত চাউলখোৱা নৈৰ ভয়াৱহ খহনীয়াঃ 20 টা পৰিয়ালৰ মাটি-ভেটি জাহ গ'ল নৈৰ বুকুত
বানপানীৰ পিছতেই বৰপেটাৰ ৰূপাকুছিত চাউলখোৱা নৈৰ ভয়াৱহ গৰাখহনীয়া। ভয়ংকৰ খহনীয়াত ২০ টা পৰিয়ালৰ ঘৰ-বাৰী আৰু মাটি-ভেটি । চাউলখোৱা নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ আৰু ক্ষতিপূৰণৰ দাবী ক্ষতিগ্ৰস্তৰ ৷
জনীয়াত চাউলখোৱা নৈৰ ভয়াবহ খহনীয়াঃ 20 টা পৰিয়ালৰ মাটি-ভেটি জাহ গ'ল নৈৰ বুকুত
নৈপৰীয়া ৰাইজে খহনীয়াৰ ফলত সৰ্বস্ব হেৰুওৱা লোকক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে অতি ক্ষিপ্ৰতাৰে চাউলখোৱা নৈৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ।
Last Updated : Aug 7, 2019, 3:29 PM IST