কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ সংবাদমেল - CPIM
কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি দেওবাৰে কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে ৷

জনীয়া, 18 আগষ্ট :জনীয়াত বলিছে উপ- নিৰ্বাচনৰ গৰম বতাহ । কি কংগ্ৰেছ, কি এ ইউ ডি এফ, কি বিজেপি অথবা চি পি আই (এম) সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ দলৰ ভোটৰ সমীকৰণ আৰম্ভ কৰাৰ সমান্তৰালকৈ আৰম্ভ হৈছে প্ৰাৰ্থী কেন্দ্ৰীক ভিৰ । ঠিক এনে সময়ত চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছাসেৱী অৱসৰ গ্ৰহণ কৰি ৰাজনীতিৰ পথাৰত মাৰাথান দৌৰত অৱতীৰ্ণ হৈছে কলগাছিয়াৰ এজন চাকৰিয়াল লোক । কলগাছিয়াৰ বাসিন্দা ডক্টৰ আৰশ্বাদ আহমেদে বিষয় শিক্ষকৰ চাকৰিৰ পৰা অব্যাহতি লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰি দেওবাৰে কলগাছিয়াত এক সংবাদ মেলৰ আয়োজন কৰে । ব্যক্তি গৰাকীয়ে দলৰ হাই কমাণ্ডৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰি টিকট লাভ কৰাটো প্ৰায় নিশ্চিত বুলি দাবী কৰে ৷ লগতে গৰাখহনীয়া সমস্যা, ডি ভোটৰ সমস্যা আদি সমাধানৰ বাবে তেওঁ সংগ্ৰাম গঢ়ি তুলিব বুলি সংবাদ মেলত সদৰী কৰে ।