বৰপেটা,4 ফেব্ৰুৱাৰী: সমাগত 2021 ৰ অসম বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে এতিয়া তুংগত উঠিছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বৰপেটাৰ বহৰিত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ বৃহৎ যোগদান সমাৰোহ ৷ বহৰিৰ হৰিদেৱ ক্ষেত্ৰত অনুষ্ঠিত সভাত উপস্থিত হৈ,দিল্লীৰ চকুত চকু থৈ নিজ অধিকাৰৰ কথা কব পৰা মুখ্যমন্ত্ৰী নোপোৱাৰ বাবেই অসমবাসী বাৰে বাৰে প্ৰতাৰিত হৈ অহা বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে বিজেপিয়ে 35 শতাংশ মানুহৰ কথা কৈ সমগ্ৰ মুছলমান সকলক অপমান কৰা বুলিও ভাষণত উল্লেখ কৰে লুৰিণে ৷ ইফালে বিজেপিৰ লগতে বদৰুদ্দিন আজমলকো একেই সাম্প্ৰদায়িক বুলি মন্তব্য কৰি অসমৰ জাতীয়তাবাদী আৰু আঞ্চলিক শক্তিসমুহ একত্ৰিত হ'ব লাগে বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷ ইয়াৰ বাবে ৰাইজৰ দল,বিপিএফ,এএছডিচি আদিকে ধৰি সকলো দলেই ঐক্যৱদ্ধ হোৱা বুলি প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷
উল্লেখনীয় যে, 2021 ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদে মিত্ৰতাৰ ভিত্তিত সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব বুলিও ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে মুছলিম জাতীয় পৰিষদ গঠনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ধৰ্মৰ নামত ৰাজনীতি অসমৰ বাবে শুভ লক্ষণ নহয় বুলি প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷ জালুকবাৰীলৈ গলে নেতাসকলে প্ৰেৰণা পায় বুলি হিমন্তবিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লুৰিনজ্যোতি গগৈয়ে জালুকবাৰীলৈ গলে প্ৰেৰণা পায় নে উন্নয়নৰ জীয়া ছবিখন দেখা পায় বুলিহে প্ৰশ্ন কৰে ৷