নিউজ ডেস্ক, 25 এপ্ৰিল: পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল জিগনেশ মেৱানীক (Jignesh Mevani arrested by Barpeta Police)৷ বৰপেটা থানাত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় মেৱানীক ৷ কোকৰাঝাৰ আদালত চৌহদৰ পৰাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেৱানীক ৷ বৰপেটা থানাত 81/22 নম্বৰত মেৱানীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 294/ 323/ 353/ 354 ধাৰা সন্নিৱিষ্ট হৈ আছে এই গোচৰত (Case against Jignesh Mevani) ৷
উল্লেখ্য যে, সোমবাৰে কোকৰাঝাৰ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰে জিগনেশ মেৱানীয়ে ( Jignesh Mevani granted bail) ৷ কিন্তু আন এক গোচৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ হ’ব লগীয়া হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতাগৰাকী ৷ কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল ।