অসম

assam

ETV Bharat / state

Women arrested for demanding money: ধন দাবী কৰি আৰক্ষীৰ জালত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী

কলগাছিয়াত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীৰ গুণ্ডাগিৰি ৷ ধন দাবী কৰাৰ অভিযোগত আটক মহিলা সমিতিৰ সদস্যা জয়া বেগমসহ দুগৰাকী সদস্যাক । আনকি দাবী কৰা ধন নিদিয়াৰ বাবে মাৰপিটৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

By

Published : Aug 8, 2023, 10:10 PM IST

Jaya Begum with Two members detained
ধন দাবী কৰি আৰক্ষীৰ জালত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী জয়া বেগমসহ দুগৰাকী সদস্যা

ধন দাবী কৰি আৰক্ষীৰ জালত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী জয়া বেগমসহ দুগৰাকী সদস্যা

জনিয়া, 8 আগষ্ট : কলগাছিয়াৰ মোৱামাৰীত মহিলা সমিতিৰ ধন দাবী। ধন দাবীৰ অভিযোগত আটক মহিলা সমিতিৰ সদস্যা জয়া বেগমসহ দুগৰাকী সদস্যাক । আনকি দাবী কৰা ধন নিদিয়াৰ বাবে মাৰপিটৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এতিয়ালৈ মহিলা সমিতিৰ মাৰপিটত আঘাতপ্ৰাপ্ত হৈছে তিনিজনকৈ লোক।

এই অভিযোগ উত্থাপিত হৈছে তথাকথিত মহিলা সমিতিৰ সদস্যা তথা বৰপেটা জিলাৰ ৰূপশী মণ্ডল বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী জয়া বেগম আৰু তেওঁৰ পালি পহৰীয়াৰ বিৰুদ্ধে । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী লোকে থানাত এজাহাৰ দাখিল কৰিছে । ইয়াৰ পিচতেই আৰক্ষীয়ে ইতিমধ্যে মহিলা সমিতিৰ তিনি সদস্যাক আটক কৰিবলৈ সক্ষম হৈছে । আটকাধীন মহিলাকেইগৰাকী ক্ৰমে জয়া বেগম, ৰমেলা খাতুন আৰু নাজমিনা খাতুন।

উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কাউৰঝাহী গাঁৱৰ নজৰুল ইছলামৰ কন্যা সৰলা খাতুন একে গাঁৱৰে নুৰ আলম নামৰ যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰায় তিনিমাহৰ পূৰ্বে পাৰিবাৰিক কন্দলৰ বাবে সৰলা খাতুনে স্বামীগৃহ এৰি পৰা পিতৃগৃহত থাকিবলৈ লয়। সৰলা খাতুনৰ পিতৃ নজৰুল ইছলামে জয়া বেগম, জমেলা খাতুন, নাজমিনা খাতুন, জহন আলী, আব্দুল মালেক, হানিফ আলী, মালেকা খাতুনক লগত লৈ ৭ আগষ্টত সৰলাৰ স্বামীগৃহত উপস্থিত হৈ গৃহস্থক অশ্লীল ভাষাৰে গালি গালাজ পাৰে ৷

ইয়াৰ লগতে সৰলা খাতুনৰ পৰা তালাক দিয়াই দিয়াৰ নামত জয়া বেগম আৰু তেওঁৰ সহযোগীসকলে ৫০ হাজাৰ টকা দাবী কৰে । সেই ধন নিদিয়াত পুনৰ মঙলবাৰে জয়া বেগমৰ নেতৃত্বত যোৱা দলটোৱে নুৰ আলমৰ ঘৰলৈ গৈ ৫ হাজাৰ টকা দাবী কৰে।

অভিযোগমতে, দাবী কৰা ধন নিদিয়াৰ বাবেই জয়া বেগম আৰু তেওঁৰ বাহিনীয়ে মঞ্জুৱাৰা খাতুন, সাহিদা খাতুন আৰু শ্বাহানুৰ ৰহমানক মাৰপিট কৰে ৷ লগতে জহন আলীয়ে শ্বাহানুৰ ৰহমানৰ পকেটৰ পৰা ৭ হাজাৰ টকা কাঢ়ি লৈ ঘৰ-দুৱাৰ ভাঙি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

এতিয়া প্ৰশ্ন হয় যে দালালী , ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিৰ কথা কৈ টেঁটু ফালি থকা ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে এই সকল প্ৰৱঞ্চক আৰু শাসকীয় দলৰ কৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষ্যণীয়।

লগতে পঢ়ক:Youth arrested: শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকি প্ৰদান কৰি ৰঙাঘৰলৈ যুৱক

ABOUT THE AUTHOR

...view details