জনিয়া,5 জানুৱাৰী: চাৰি বছৰে সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং ৷ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামুৰীয়া অঞ্চলটোৰ এই দলং খনৰ নিৰ্মানকাৰ্য সম্পূৰ্ণ হৈ নুঠাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে ৷ 2017-18 বৰ্ষত উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰিয়ে প্ৰায় ১ কোটি ৬৯ লাখ টকা ব্যয় সাপেক্ষে দলং খনৰ নিৰ্মানকাৰ্যৰ শুভাৰম্ভ কৰিছিল ৷ কিন্তু বঙাইগাঁও জিলা গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই আজিপৰ্যন্ত নিৰ্মানকাৰ্য সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ ৰাইজৰ ৷
জনিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ - জনিয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ
চাৰি বছৰে সম্পূৰ্ণ হৈ নুঠিল গুনিয়ালগুৰি-কোকিলা সংযোগী পকী দলং ৷ অৱশেষত কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ সহযোগত গড়কাপ্তানী মন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
দলং খনৰ সলনি ৰাইজে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি অহা বাঁহৰ সাঁকোৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে ৷ ইয়াৰ পূৰ্বেও দলং খনৰ নিৰ্মানকাৰ্যত সংঘটিত দুৰ্নীতিৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা হৈছিল যদিও জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষ তথা ঠিকাদাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ অৱশেষত কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় ৰাইজে অসম চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ দাবী, অতিশীঘ্ৰে দলং খনৰ কাম সম্পূৰ্ণ নকৰিলে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰখনক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব ৰাইজে ৷