জনীয়া,18 মেঃজনীয়াত গৰাখহনীয়াৰ তাণ্ডৱ । বাঘবৰৰ সোনাবাড়ীত বেকী নদীৰ গৰাখহনীয়াই ইতিমধ্যে অঞ্চলটোৰ খেতিপথাৰৰ লগতে ঈদগাহক ভাঙি নিছে । এই বাতৰি চ'ছিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পিছতেই দেওবাৰে বাঘবৰৰ বিধায়ক শেৰমান আলী আহমেদে আৰ ছি ছি পৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে নদীবান্ধৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে গৰাখহনীয়াই বিধস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্দিয়াৰ খণ্ড উন্নয়ন বিষয়া, বিভাগীয় অভিযন্তাৰ উপৰিও জন প্ৰতিনিধি ।
নদীবান্ধৰ আধাৰশিলা স্থাপন জনীয়াৰ বিধায়ক শেৰমান আলী আহমেদৰ - Barpeta
দেওবাৰে বাঘবৰৰ বিধায়ক শেৰমান আলী আহমেদে আৰ ছি ছি পৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে বেকী নদীৰ বান্ধৰ আধাৰশিলা স্থাপন কৰে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্দিয়াৰ খণ্ড উন্নয়ন বিষয়া, বিভাগীয় অভিযন্তাৰ উপৰিও জন প্ৰতিনিধি ।
![নদীবান্ধৰ আধাৰশিলা স্থাপন জনীয়াৰ বিধায়ক শেৰমান আলী আহমেদৰ Janiya Erosion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7242194-thumbnail-3x2-j.jpg)
জনীয়াত নদীবান্ধৰ আধাৰশিলা স্থাপন বিধায়ক শেৰমান আলী আহমেদৰ
জনীয়াত নদীবান্ধৰ আধাৰশিলা স্থাপন বিধায়ক শেৰমান আলী আহমেদৰ
আনহাতে, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা বাৰিষাৰ আগতে কৰিলে ৰাইজ অধিক উপকৃত হ'লহেতেন বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । খহনীয়া প্ৰতিৰোধৰ নামত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত হ'ব বুলি ঘোষণা কৰে বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক-লক ডাউনত দিশহাৰা হৈ ছীপজৰী ল'লে শ্ৰমিকে