জনীয়া সমষ্টিত নিজৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ এজন নিৰ্বাচনী প্ৰাৰ্থীৰ - নিজৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ নিৰ্বাচনী প্ৰাৰ্থীৰ
ডি ভোটাৰৰ লগতে নিজ মাতৃয়ে ভোট দিব নোৱৰাৰ বাবে প্ৰাথীৰ্ত্ব,ভোট বৰ্জন কৰাৰ লগতে নিজৰ পোষ্টাৰ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জনীয়া সমষ্টিৰ আম আদমি পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ফাৰুক খানে ৷
![জনীয়া সমষ্টিত নিজৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ এজন নিৰ্বাচনী প্ৰাৰ্থীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4803013-thumbnail-3x2-jania.jpg)
জনীয়া,19 অক্টোবৰ : মাতৃয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত ফাৰুক খানে নিজৰ পোষ্টাৰ দাহ কৰি ডি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ফাৰুক খানে আম আদমি পাৰ্টিৰ পৰা আগবঢ়াইছিল প্ৰতিদ্বন্দিতা । তেওঁ নিৰ্বাচনী প্ৰচাৰত ডি ভোটাৰ সকলে ভোট দিব পাৰিব বুলি ব্যাপক প্ৰচাৰ চলাইছিল। শনিবাৰে ফাৰুক খানে ডি ভোটাৰ সকলে ভোট দিব পাৰিব নেকি বুলি বৰপেটা জিলা নিৰ্বাচনী বিষয়াৰ পৰা ফোন যোগে জানিব বিচৰাত ডি ভোটাৰ সকলে ভোট দিব নোৱাৰিব বুলি জনায় । তাৰ পাছত প্ৰাৰ্থী গৰাকীয়ে নিজকে ৰাইজৰ ওচৰত মিছলীয়া বুলি অনুভৱ হোৱাৰ লগতে নিজৰ মাতৃয়ে কোনো কাৰণ নোহোৱাকৈ বিগত ২২ বছৰে ভোট দিব নোৱাৰৰ প্ৰতিবাদত প্ৰাৰ্থী গৰাকীয়ে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰাৰ্থীগৰাকীয়ে নিজৰ প্ৰাৰ্থীত্ব উঠাই লয় আৰু ডি ভোটাাৰ প্ৰতিবাদত জনীয়া সমষ্টিৰ ৰাইজকো ভোট বৰ্জনৰ আহ্বান জনায়। ইয়াৰোপৰি প্ৰাৰ্থী গৰাকীয়ে নিজ হাতেৰে নিজৰ পোষ্টাৰ জনীয়া চ'কত জ্বলাই দিয়া পৰিলক্ষিত হয় ।