জনিয়া, 26 নৱেম্বৰ:ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ ব্যাপক উন্নয়নৰ ঢাক ঢোল বজালেও প্ৰকৃততে যে উন্নয়ন হোৱা নাই তাৰে উদাহৰণ দাঙি ধৰিলে জনিয়া সমষ্টিৰ ইছোবপুৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৷ দীৰ্ঘদিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ থকা চিকিৎসালয়খনত বিদ্যুতৰ অভাৱত ড্ৰেছিং চাৰ্ভিচ বন্ধ হৈ থকাৰ লগতে চিকিৎসালয়খনৰ নৈশ চিকিৎসা সেৱাও বন্ধ হৈ আছে। চিকিৎসালয়খনৰ অৱস্থা ইমানেই শোচনীয় যে এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে ৰোগীয়ে।
ইছোবপুৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুতৌ লগা অৱস্থা - ইছোবপুৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
ৰাজ্য চৰকাৰে যিমানেই উন্নয়নৰ ঢাক-ঢোল নবজাওক কিয় প্ৰকৃততে গ্ৰামাঞ্চলৰ চিকিৎসালয়ৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ উদঙাইছে জনিয়া সমষ্টিৰ ইছোবপুৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৷
লগতে পঢ়কঃ তেজপুৰত যৌতুকৰ দাবীত পত্নীক নিৰ্যাতন স্বামীৰ
উল্লেখ্য যে বিগত বহু বছৰ ধৰি চিকিৎসালয়খনৰ শোচনীয় অৱস্থাৰ ফলত দুৰ্ভোগ ভুগিছে ইছবপুৰ,মানিকপুৰ,ক্ষুদ্ৰখোৱা গাঁৱৰ ৰাইজে। ইছবপুৰ নৈ পৰীয়া প্ৰাথমিক চিকিৎসালয়ৰ এনে পয়ালগা অৱস্থাই উদঙাইছে শাসনাধীষ্ঠিত চৰকাৰৰ স্বাস্থ্য খণ্ডৰ উন্নয়ণৰ ফোপোলা স্বৰূপ। মাত্ৰ এজন চিকিৎসক আৰু এগৰাকী নাৰ্ছেৰ দ্বাৰা চিকিৎসা গ্ৰহণ কৰি আহিছে শ শ ৰাইজে ৷ তদুপৰি চিকিৎসালয়খনত বিগত ৯ বছৰ ধৰি বিদ্যুৎ আৰু খোৱাপানীৰ ব্যৱস্থা নথকাত হাহাকাৰ কৰিব লগা হৈছে ৰাইজে।