বৰপেটা, 7 জুলাই :বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সমষ্টিৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত এলেকা আৰু শিবিৰ পৰিভ্ৰমণ কৰে । জনীয়াৰ সুতিৰ পাথাৰত থকা এটা শিবিৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে বানাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয় ৷
বানাক্ৰান্ত শিবিৰত জনীয়াৰ বিধায়ক - শিবিৰত গৰু, ম'হ, হাঁহ-কুকুৰা লৈও বানাক্ৰান্তৰ অসুবিধা
শিবিৰত গৰু, ম'হ, হাঁহ-কুকুৰা আদি পশুধনক লৈও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ ।
বানাক্ৰান্ত শিবিৰত জনীয়াৰ বিধায়ক
প্ৰায় অৰ্ধশতাধিক পৰিয়ালে আশ্ৰয় লৈ থকা শিবিৰটোত বিশুদ্ধ খোৱাপানী, খাদ্য, শৌচাগাৰ একোৱেই সুবিধা নথকাত মৰ্মাহত হয় বিধায়কগৰাকীয়ে । শিবিৰত গৰু, ম'হ, হাঁহ-কুকুৰা আদি পশুধনক লৈও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ । বিধায়কগৰাকীয়ে সুতিৰ পাথাৰৰ অস্থায়ী শিবিৰত দুটাকৈ টিউবেল যোগান ধৰাৰ লগতে যাৱতীয় সুবিধাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ লগত আলোচনা কৰাৰ আশ্বাস দিয়ে শিবিৰত থকা লোকসকলক ।
লগতে পঢ়ক:ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ