অসম

assam

By

Published : Feb 4, 2022, 1:59 PM IST

ETV Bharat / state

বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে : ড° হাফিজ ৰফিকুল ইছলাম

বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেয়া ব্যৰ্থ হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ (Jania MLA reaction against BJP)। সবিশেষ চাও আহক ৷

JANIA MLA REACTION AGAINST BJP
বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে : ড° হাফিজ ৰফিকুল ইছলাম

কলগাছিয়া, 4 ফেব্ৰুৱাৰী :বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল সেই আটাইবোৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ, এই মন্তব্য জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ(Jania MLA reaction against BJP) ৷

জনীয়াৰ বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বিজেপি চৰকাৰ গঠন কৰা প্ৰায় এবছৰ হ'ব তেখেত সকলে যি প্ৰতিশ্ৰুতি দিছিল প্ৰতিশ্ৰুতি ৰক্ষা কৰাত ব্যৰ্থ হৈছে । স্থায়ী আন্তঃগাঁথনিৰ বাবে চৰকাৰে কোনো ধৰনৰ কাম কৰিব পৰা নাই । ইয়াৰ লগতে World Bankৰ পৰা বিভিন্ন শিতানত লোন লৈছে, মাইক্ৰফাইনেন্সৰ লোন ৰেহাই দিছে । অৰুনোদয়ৰ নামত কিছু পইচা দিছে ইয়াৰ বাহিৰে বিশেষ কোনো আঁচনি লোৱা পৰিলক্ষিত হোৱা নাই বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে ।

বিজেপি চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে

যিহেতু উন্নয়নৰ কাম চৰকাৰে কৰিব পৰা নাই গতিকে মানুহক বিপথে পৰিচালিত কৰাৰ বাবে তেখেত সকলে হিন্দু মুছলিম কৈ আছে বুলি কয় বিধায়কগৰাকীয়ে(Jania MLA Hafiz Rakibul Islam's reaction ) । ইফালে সম্পৰ্কে তেওঁ মন্তব্য কৰি কয় যে, "বিজেপি চৰকাৰে মছজিদ মন্দিৰৰ নামত ৰাজনীতি কৰি আছে । গৃহ বিভাগে চমক সৃষ্টি কৰাৰ কাৰণে মাজত কিছুমান মাটিৰ দালাল গ্ৰেপ্তাৰ কৰিলে । আকৌ কিছুদিন পূৰ্বে থানাৰ পৰা প্ৰায় আঢ়ৈশ তিনিশ মান মানুহ এৰাতিতে উঠালে ।"

এইসকল অপৰাধীয়ে হয় এসপ্তাহৰ ভিতৰত কেনেকৈ ইমান সহজে মুক্তি লাভ কৰে ইয়াক লৈয়ো বিজেপি চৰকাৰলৈ প্ৰশ্ন উত্থাপণ কৰে জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে।

লগতে পঢ়ক :কংগ্ৰেছ আৰু শ্বেৰমান আলীৰ মাজত জনপ্ৰিয়তাৰ প্ৰতিযোগিতা চলি আছে

ABOUT THE AUTHOR

...view details