অসম

assam

ETV Bharat / state

ৰাইজৰ দুৰ্দশাৰ সময়ত সাংসদ আব্দুল খালেক পলাতক ! - বানপানীত ক্ষতিগ্ৰস্ত

দেওবাৰে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে বিভিন্ন বানপীড়িত অঞ্চল পৰিদৰ্শন আৰু সাহাৰ্য বিতৰণ কৰে। ৰাইজৰ দুৰ্যোগৰ সময়ত বৰপেটাৰ সাংসদ আব্দুল খালেক পলাতক হৈ আছে বুলি অভিযোগ উত্থাপন কৰে এ আই ইউ ডি এফে ।

ৰাইজৰ দুৰ্দশাৰ সময়ত সাংসদ আব্দুল খালেক পলাতক : এ আই ইউ ডি এফ
ৰাইজৰ দুৰ্দশাৰ সময়ত সাংসদ আব্দুল খালেক পলাতক : এ আই ইউ ডি এফ

By

Published : Jul 5, 2020, 3:51 PM IST

জনীয়া, 5 জুলাই : জনীয়া সমষ্টিৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে দেওবাৰে এ আই ইউ ডি এফৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসহ এটা বৃহৎ সঁজাতি দলৰ সৈতে জনীয়া সমষ্টিৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তৰ বানাক্ৰান্তৰ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ লয় । লগতে বিধায়কগৰাকীয়ে বানাক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰে ।

বানপানী হোৱাৰ 15 দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনে বানাক্ৰান্তৰ কোনো খবৰ নোলোৱাত ৰাইজৰ প্ৰতি চৰকাৰৰ অৱহেলা আৰু ব্যৰ্থতাক প্ৰমাণ কৰা বুলি অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷ ইয়াৰ লগতে, তেওঁ তৎকালীনভাৱে বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰ তথা বৰপেটা জিলা প্ৰশাসনক আহ্বান জনায় ।

ৰাইজৰ দুৰ্দশাৰ সময়ত সাংসদ আব্দুল খালেক পলাতক : এ আই ইউ ডি এফ

এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ প্ৰশাসনিক সম্পাদক খন্দকাৰ আশ্ৰফুল মামুনে এক আছুতীয়া সাক্ষাৎকাৰত কয় যে, দেশত চলি থকা লক্ ডাউন আৰু প্ৰলয়ংকাৰী বানপানীৰ সময়ত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ৰাইজৰ ফালে পিঠি দি পলায়ন কৰিছে ৷

লগতে পঢ়ক : চাৰিমাহ ধৰি বন্ধ সাপ্তাহিক হাট বজাৰ : সাহাৰ্য্যৰ দাবী ৰঙাপৰা বজাৰ ব্যৱসায়ী সমিতিৰ

ABOUT THE AUTHOR

...view details