জনীয়া, 25জুন: ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে হাইস্কুল শিক্ষান্ত(HSLC) আৰু উচ্চতৰ মাধ্যমিক(HS)ৰ বাতিলৰ পাচত কি ধৰণে পৰীক্ষাৰ্থীসকলৰ মূল্যায়ন কৰা হ'ব তাক লৈ চৰ্চা অব্যাহত থকাৰ মাজতে পৰীক্ষাৰ্থীসকলৰ মূল্যায়ন পদ্ধতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ পৰীক্ষাৰ্থীসকলক হতাশ নহ'বলৈ আহ্বান জনোৱাৰ লগতে বিধায়কগৰাকীয়ে বিশেষজ্ঞ কমিটিক ছাত্ৰ-ছাত্ৰীসকলৰ ন্যায় প্ৰাপ্তিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷
উল্লেখ্যে যে, শুকুৰবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি চূড়ান্ত হ’ব যদিও বহুতে স্বজন-তোষণৰ আশংকা কৰিছে ৷ ইতিমধ্যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ ১০টা স্থান নাথাকিব বুলি কোৱা হৈছে । নৱম আৰু দশম শ্রেণীৰ পূৰ্বৰ নম্বৰৰ ভিত্তিতে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফল ।
কিন্তু, বহু বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ পৰিপ্ৰেক্ষিতত কিহৰ ভিত্তিত নম্বৰ দিয়া হ’ব বুলি ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে শুকুৰবাৰৰ ভিতৰত চূড়ান্ত হ’ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ মূল্যায়নৰ পদ্ধতি । এই সন্দৰ্ভত জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে মন্তব্য আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলে যাতে ন্যায় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিশেষজ্ঞ কমিটিক আহ্বান জনায় ৷
লগতে পঢ়ক : এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব শীৰ্ষস্থান