জনীয়া, 7 নৱেম্বৰ : কলগাছিয়াত এক সংবাদমেলযোগে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপিক ডুবাবলৈ টুলুঙা মন্তব্য আৰম্ভ কৰা বুলি সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক ৰফিকুল ইছলামে ।
তেওঁ কয় যে,‘‘মুখ্যমন্ত্ৰী হ’ব নোৱাৰি হতাশাত ভুগিছে হিমন্ত বিশ্ব শৰ্মা । আজিজ খানৰ নাম কোনে কি বুলি ৰাখিব সেইটো ক’বলৈ হিমন্ত বিশ্ব কোন? নাম ৰখাৰ দায়িত্ব নিজৰ মাকৰ । তেওঁ কবলৈ কোন?’’