অসম

assam

By

Published : Sep 17, 2019, 10:02 AM IST

ETV Bharat / state

পথ মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথ

জুলাই মাহৰ বিধ্বংসী বানে জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথৰ বিভিন্ন অংশ খহাই নিয়াৰ পাছত বৰ্তমানে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পথ মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথ

বৰপেটা,17 চেপ্তেম্বৰঃ বৰপেটা জিলাৰ অন্তৰ্গত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথটো মৰণফান্দলৈ পৰিণত হৈছে ৷ জুলাই মাহৰ বিধ্বংসী বানে পথটোৰ বিভিন্ন অংশ খহাই নিয়াৰ পাছত বৰ্তমানে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মঙলবাৰে পুৱা বালি কঢ়িওৱা এখন ট্ৰেক্টৰৰ চকা পথটোত সোমাই যোৱাৰ ফলত পথৰ দুয়োফালে এম্বুলেঞ্চকে ধৰি কেইবাখনো যান বাহন ঘন্টাৰ পাছত ঘন্টা আবদ্ধ হৈ পৰে ৷ উল্লেখযোগ্য যে,পথটোৰ এনে দুৰৱস্থাই যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকাও প্ৰৱল কৰি তুলিছে যাৰ বাবে স্থানীয় ৰাইজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ৷

পথ মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথ

ABOUT THE AUTHOR

...view details