জনিয়া, 11 অক্টোবৰঃ দিপাৱলীৰ বাবে নহয় এগৰাকী মহিলাক পত্নী মৰ্যদা নিদিয়াৰ ফলত বৰপেটা সদৰ আৰক্ষী থানাৰ এলেকাধীন মহম্মদপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা আতচবাজীৰ বৰষুণ ৷ ভুক্তভোগী যুৱতীৰ অভিযোগ অনুসৰি, উক্ত গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক জালাল উদ্দিন আহমেদৰ একমাত্ৰ পুত্ৰ মোৱাজ্জেম হুছেইনে 4 বছৰে এগৰাকী যুৱতীৰ লগত চলি থকা প্ৰেমৰ সম্পৰ্কৰ পাচত চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মোৱাজ্জেম হুছেইনে প্ৰেমিকাক পত্নী হিচাপে স্ৱীকৃতি দিয়ে। ইয়াৰোপৰি নিকাহ পঢ়াই ইছলাম ধৰ্মৰ নীতি-নিয়ম অনুসৰিও যুৱতীগৰাকীক পত্নীৰ মৰ্যদা প্ৰদান কৰে মোৱাজ্জেম হুছেইনে।
স্বামীৰ বিয়া : স্বামী গৃহৰ চোতালত চিনাকী দিলেহি প্ৰথমা পত্নীয়ে - প্ৰেমৰ নামত প্ৰতাৰনা
মহম্মদপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা আতচবাজীৰ বৰষুণ ৷ উক্ত গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক জালাল উদ্দিন আহমেদৰ একমাত্ৰ পুত্ৰ মোৱাজ্জেম হুছেইনে 4 বছৰে এগৰাকী যুৱতীৰ লগত চলি থকা প্ৰেমৰ সম্পৰ্কৰ পিচত চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মোৱাজ্জেম হুছেইনে প্ৰেমিকাক পত্নী হিচাপে স্ৱীকৃতি দিয়ে।
উল্লেখ্য যে, মোৱাজ্জেমে বিয়াৰ পাচত পত্নীক ঘৰলৈ অনা নাছিল যদিও হোটেলত পত্নীৰ স'তে নৈশ যাপন কৰিছিল । কিন্তু হঠাতে পত্নীয়ে স্বামীৰ অন্য যুৱতীৰ স'তে বিবাহৰ যো-জা চলাৰ কথা জানিবলৈ পায় বৃহস্পতিবাৰে নিশা স্বামী গৃহত উপস্থিত হয় ৷ স্বামী গৃহত উপস্থিত হোৱাৰ পাচতে মোৱাজ্জেমৰ মাক, ভনীয়েক আৰু জোঁৱায়েকে মহিলাগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰি নিশা গেটৰ বাহিৰত ওলাই দিয়াৰ অভিযোগ উত্থাপন মোৱাজ্জেমৰ পত্নীয়ে ৷
পাচত মোৱাজ্জেমৰ পত্নীৰ কন্দোন শুনি শতাধিক গাঁৱৰ ৰাইজ উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ মোৱাজ্জেম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ভুক্তভোগী মহিলাগৰাকীক ন্যায় দিয়াৰ দাবী উত্থাপন কৰে ৰাইজে । উল্লেখ্য যে ওচৰ চুবুৰীয়াৰ লগত কোনো সম্পৰ্ক নৰখা অৱসৰপ্ৰাপ্ত শিক্ষক জালল উদ্দিনৰ পৰিয়ালে মহিলাগৰাকীৰ স'তে এনে ঘটনা সংঘটিত কৰাৰ বাবে একাংশ যুৱকে আতচবাজী ফুটাই ঘটনাৰ বিৰোধিতা কৰে ৷