জনীয়া, 5 জানুৱাৰী : বৰপেটা জলসম্পদ সংমণ্ডলৰ এলেকাধীন চাউলউখোৱা মথাউৰিৰ মঙলবাৰে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়। তদুপলক্ষে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অসমৰ যোগান আৰু অসামৰিক দপ্তৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত থাকে ৷
সভাত উপস্থিত থাকি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে,পুনৰ নিৰ্মাণ হ'বলগীয়া মথাউৰিটোৱে অঞ্চলটোক বহু ক্ষেত্ৰত আগুৱাই লৈ যাব। এই মথাউৰিটো পূৰ্বৰ চৰকাৰে নকৰিলে বুলিও সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।