বৰপেটা, ২৯ মাৰ্চ: ৰঙৰ উৎসৱৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হ'ল কেইবাটাও দুৰ্ঘটনা । সোমবাৰে বৰপেটাৰ জনীয়াত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন দ্ৰুত বেগী ট্ৰেক্টৰে মহতিয়াই নিয়ে এখন বাইক । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন বাইক আৰোহী । আহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
জনীয়াত তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিলে এখন বাইক
বৰপেটাৰ জনীয়াত ভয়াৱহ পথ দুৰ্ঘটনা । নম্বৰপ্লেটবিহীন দ্ৰুত বেগী ট্ৰেক্টৰে মহতিয়াই নিলে এখন বাইক । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী ।
জনীয়াত তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই নিলে এখন বাইক
সম্প্ৰতি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে দুয়োজন । নম্বৰপ্লেটবিহীন তীব্ৰ বেগী ট্ৰেক্টৰখনে AS15 Q 8140 নম্বৰৰ বাইকখন মহতিয়াই নিয়ে ।
উল্লেখ্য যে, বিগত কিছু দিন ধৰি কলগাছিয়া আৰু জনীয়া অঞ্চলত নম্বৰপ্লেটবিহীন ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি হৈছে যদিও বৰপেটা জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ তুলিছে অঞ্চলটোৰ ৰাইজে ।
লগতে পঢ়ক:ডিফুত বিবাহিতা মহিলাৰ আত্মহত্যা