অসম

assam

By

Published : Jun 5, 2021, 7:44 AM IST

ETV Bharat / state

জনীয়াত কালভাৰ্ট নিৰ্মাণত গাফিলতিৰ অভিযোগ

বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০১৬-১৭ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত কাদঙৰ কালভাৰ্ট নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

jania-culvert-allegation-of-corruption
জনীয়াৰ কাদঙত কালভাৰ্ট নিৰ্মাণত গাফিলতিৰ অভিযোগ

জনীয়া,5 জুন: বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ড(mandia development block)ৰ অন্তৰ্গত ৭৯ নং কাদং পঞ্চায়ত(79 kadong gp)ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে । জানিব পৰা মতে, বিগত ২০১৬-১৭ বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৮ লাখ ১৩ হেজাৰ ৬৩২ টকা ব্য়য়েৰে কাদং বজাৰৰ পৰা টাপাজুলি, কালামপুৰ পথৰ মাজত থকা এটা কালভাৰ্ট(Culvert) নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় । কিন্তু বিগত দুবছৰ ধৰি উক্ত কালভাৰ্ট অৰ্ধনিৰ্মিত হৈ ৰোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

সম্প্ৰতি এইক্ষেত্ৰত পঞ্চায়ত সভাপতি, সচিব, অভিযন্তা আৰু তদাৰক কমিটিসহ সকলোৱে চকু মুদা কুলিৰ ভাও জুৰিছে বুলি কয় ৰাইজে । আনকি কামটোৰ বাকী থকা ধনখিনি আত্মসাৎ কৰাৰ পৰিকল্পনা কৰা বুলিও অভিযোগ উত্থাপিত হৈছে ৷

জনীয়াত কালভাৰ্ট নিৰ্মাণত গাফিলতিৰ অভিযোগ

উল্লেখ্য যে, দুবছৰ অতিক্ৰম হোৱাৰ পিচতো উক্ত কালভাৰ্টৰ কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । ইপিনে পঞ্চায়তৰ কণিষ্ঠ অভিযন্তা আৰু নিৰ্মাণ কমিটিৰ মাজত চৰকাৰী ধনৰ কমিচনৰ বুজাবুজি থকা বুলিও ৰাইজে অভিযোগ কৰে ৷ যাৰ ফলশ্ৰুতিত কামটোৰ ক্ষেত্ৰত দুৰ্নীতি অব্যাহত থকাৰ কথা সদৰী কৰে ৰাইজে । স্থানীয় ৰাইজে সেয়ে বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ লগতে প্ৰশাসনৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰে কালভাৰ্ট নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক : বক্সাৰ শিৱ থাপালৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে তিনিলাখ টকা

ABOUT THE AUTHOR

...view details