জনীয়া,18 মাৰ্চ:ৰাজ্যৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ বলিছে যদিও জনীয়া সমষ্টিত তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে । যি সময়ত বিভিন্ন দলৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰাৰ বাবে হেতা-ওপৰা লগাইছে, তেনে সময়তে জনীয়া সমষ্টিৰ কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধি, নেতা, কৰ্মী আৰু সমৰ্থকসকলে হাই কমাণ্ডৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰা দেখা গৈছে । মহাজোঁট নেতৃত্বই জনীয়াৰ পৰা কংগ্ৰেছক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ।
জনীয়াত কংগ্ৰেছত বিদ্ৰোহ
প্ৰাৰ্থিত্ব নোপোৱাত জনীয়া কংগ্ৰেছত তীব্ৰ ক্ষোভ । সাংসদ আব্দুল খালেক আৰু হাই কমাণ্ডৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ । সমূহীয়া পদত্যাগৰ হুংকাৰ সমষ্টিৰ কংগ্ৰেছ নেতৃত্বৰ ।
জনীয়াত কংগ্ৰেছত বিদ্ৰোহ
উত্তেজিত কংগ্ৰেছীসকলে নিজ সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থী দিব নোৱাৰা সাংসদ আব্দুল খালেকৰ যোগ্যতাৰ ওপৰতো নানা প্ৰশ্নৰ অৱতাৰণা কৰিছে আনকি বিভিন্ন ধৰণে সমালোচনা কৰিছে । ইফালে মন্দিয়াৰ ভিতৰত হাই কমাণ্ডে জনীয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদান নকৰিলে সকলো পঞ্চায়ত প্ৰতিনিধি, পেৰেণ্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ বিষয়ববীয়াই সমূহীয়া পদত্যাগ কৰি অন্য দলত যোগদান কৰাৰ তীব্ৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়কঃ অসম জাতীয় পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ