অসম

assam

ETV Bharat / state

অতিমাত্ৰা গৰমৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

ৰাজ্যজুৰি অব্যাহত থকা অতিমাত্ৰা গৰমৰ মাজতে সোমবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

অতিমাত্ৰা গৰমৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

By

Published : Aug 12, 2019, 8:58 PM IST

চিৰাং,জনীয়া, 12 আগষ্টঃ ৰাজ্যজুৰি অব্যাহত থকা অতিমাত্ৰা গৰমৰ মাজতে সোমবাৰে বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য ৷ এই ধুমুহা বৰষুণে ৰাজ্যত গৰমৰ মাত্ৰা কিছু হ্ৰাস কৰিলে যদিও বিভিন্ন ঠাইত সৃষ্টি কৰিলে তাণ্ডৱ ৷ চিৰাং জিলাৰ বাসুগাঁৱত প্ৰকাণ্ড গছ উঘালি পৰাৰ উপৰিও বিদ্যুতৰ তাঁৰ ছিঙি বিদ্যুত সেৱা ব্যাহত হৈ পৰে। একেদৰে জিলাখনৰ কাজলগাঁও,ঢালিগাঁৱতো ব্যাপক ক্ষয় ক্ষতি কৰে ধুমুহাই । আনহাতে বৰপেটা জিলাতো ধুমুহাই সৃষ্টি কৰিলে আতংকৰ ৷ ঈদৰ দিনাখন অহা তীব্ৰবেগী ধুমুহাৰ ফলত জিলাখনৰ জনীয়া অঞ্চলৰ বহু ঠাইত গছ উঘালি পৰাৰ লগতে বহুতৰে ঘৰৰ টিনপাত পৰ্যন্ত উৰুৱাই নিয়ে ৷

অতিমাত্ৰা গৰমৰ মাজতে প্ৰচণ্ড ধুমুহা বৰষুণে চুই গ'ল ৰাজ্য

For All Latest Updates

ABOUT THE AUTHOR

...view details