জনীয়া, 19 অক্টোবৰঃৰাজ্যৰ চাৰিওটা সমষ্টিতে সম্প্ৰতি তুংগত নিৰ্বাচনৰ প্ৰচাৰ ৷ ক্ৰমে তীব্ৰতৰ আৰু আকৰ্ষণীয় হৈ উঠিছে জনীয়া উপ নিৰ্বাচনৰ প্ৰচাৰ ৷ কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফ প্ৰতিটো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযানত নামি পৰিছে ৷ বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল ইছলাম লস্কৰে, বিধায়ক নাৰায়ন ডেকা আৰু নামনি অসমৰ বি জে পিৰ যুৱ নেতা অধিবক্তা শ্বহিদুল ইছলামে কপোহা, কাদঙত প্ৰচাৰ সভাত অংশ লয় ৷
জনীয়াত তুংগত উঠিছে উপ নিৰ্বাচনৰ প্ৰচাৰ
জনীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অতি তীব্ৰতৰ আৰু আকৰ্ষণীয় হৈ উঠিছে। কংগ্ৰেছ, ইউ ডি এফ আৰু বিজেপি দলে নিজৰ নিজৰ দলৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷
আনহাতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ হৈ পূৱ কলগাছিয়া, লাচাংগা আদি বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলনা বদৰুদ্দিন আজমল আৰু বিধায়ক হাফিজ বছিৰ কাছিমিয়ে ৷ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছামচুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়, প্ৰাক্তন মন্ত্ৰী তথা ছেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী, বৰপেটা জিলা পৰিষদৰ সভানেত্ৰী নাজিমা খানম আৰু আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদে ছিতুলীয়ে ৷
উল্লেখ্য যে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ইউ ডি এফৰ মাজত তুমুল প্ৰতিদ্বন্দীতা হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপি দলেও জনীয়া সমষ্টিত বিজেপিৰ ভেটি যথেষ্ঠ মজবুত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷