জনীয়া,25 আগষ্ট: ঈদৰ দিনা কলগাছিয়াৰ কালামপুৰত বেকী নৈত সংঘটিত হোৱা নাঁও দুৰ্ঘটনাৰ ইতিমধ্যে 12 দিন অতিক্ৰম কৰিলে কিন্তু তাৰ পাছতো এতিয়ালৈ উদ্ধাৰ হোৱা নাই সন্ধানহীন হৈ থকা 5জন কৈ লোক ৷ নিখোজৰ সন্ধানত এছ ডি আৰ এফে অব্যাহত থকা উদ্ধাৰ অভিযান ইতিমধ্যে বন্ধ হৈছে যাৰ ফলত এতিয়া স্থানীয় ৰাইজে ধাৰাবাহিক ভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ নাওখনৰ পৰা জীৱন্তে উদ্ধাৰ হোৱা সাহানুৰ আলম, মজিবৰ ৰহমান, বুলবুল হাছান, হাবিজুদ্দিন, নজৰ আলী আৰু ফৰিদা খাতুন বৰ্তমান সুস্থ হৈ উঠিছে যদিও সন্ধানহীন এজনৰো মৃতদেহ উদ্ধাৰ নোহোৱাত এতিয়া শেকৰ ছাঁ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত ৷
12 দিনৰ পাছতো সন্ধান নাই বেকী নৈৰ নাঁও দুৰ্ঘটনাত সন্ধানহীনৰ - স্বেচ্ছাসেৱী সংগঠন আল আমিন ইডুকেশ্বন ছোছাইটীৰ সাহাৰ্য প্ৰদান
নাঁও দুৰ্ঘটনাত সন্ধাহীন লোকৰ পৰিয়ালবৰ্গৰ মাজত স্বেচ্ছাসেৱী সংগঠন আল আমিন ইডুকেশ্বন ছোছাইটীৰ সাহাৰ্য প্ৰদান ৷ সম্প্ৰতি বন্ধ হৈ আছে এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান ৷
12 দিনৰ পাছতো সন্ধান নাই বেকী নৈৰ নাও দুৰ্ঘটনাত সন্ধানহীনৰ
আনহাতে শনিবাৰে বাংগালোৰৰ অগ্ৰনী স্বেচ্ছাসেৱী সংগঠন আল আমিন ইডুকেশ্বন ছোছাইটীৰ কলগাছিয়া শাখাৰ সভাপতি এম মোজাম্মিল হুছেইন আৰু সম্পাদক ইছমাইল হুছেইনৰ নেতৃত্বত এটা দল অঞ্চলটোত উপস্থিত হৈ সন্ধানহীনৰ পৰিয়ালবৰ্গৰ মাজত চাউল, কাপোৰ, কম্বল আদি বিতৰণ কৰে আদি বিতৰণ কৰে লগতে সন্ধানহীনৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা সাহাৰ্য্য প্ৰদানৰ বাবে দাবী উত্থাপন কৰে ৷