অসম

assam

ETV Bharat / state

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মতে অসমত নাই বাংলাদেশী - বাংলাদেশী

অসমত বাংলাদেশী নাই ৷ এই মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মীবৃন্দই ৷ লগতে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা চাউল, দাইল, আলু, তেল আদি খাদ্য বাদ দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে ৷

জনীয়াত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল
জনীয়াত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদমেল

By

Published : Sep 24, 2020, 9:36 AM IST

জনীয়া 24, ছেপ্টেম্বৰ : ‘‘এটা পুখুৰীত যদি মাছ নাথাকে জাল যিমানেই সৰু হওঁক কিয় তাত মাছ কেতিয়াও নুঠে, ঠিক তেনেদৰে অসমত বাংলাদেশী থাকিলে মুছলমানখিনিয়েহে গম পাব ৷ অসমত বাংলাদেশী নাই ৷’’ এই মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মীবৃন্দৰ ৷ এই সংবাদমেলত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপদেষ্টা আব্দুছ ছামাদৰ বিৰুদ্ধে ভিত্তিহীন অসামাজিক বক্তব্য আগবঢ়োৱা বহিষ্কৃত নেতা আব্দুল হামিদক সকিয়নী প্ৰদান কৰা হৈছে ৷

অসমত বাংলাদেশী নাই বুলি দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

উল্লেখ্য যে ,তথাকথিত নেতা মহম্মদ আলী খলিফাৰ লগত জড়িত হৈ বহিষ্কৃত নেতা আব্দুল হামিদে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক বিভাজন কৰি সংগঠনটোৰ গণ ভিত্তি ম্লান কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি মোকাদ্দেচ আলী মণ্ডলৰ । এই সংবাদ মেলৰ জৰিয়তে তথাকথিত নেতা আব্দুল হামিদ আৰু মহম্মদ আলী খলিফাক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপদেষ্টা আব্দুছ ছামাদৰ ওচৰত ৰাজহুৱা ক্ষমা খোজাৰ দাবী জনায় । লগতে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা চাউল, দাইল, আলু, তেল আদিক উলিয়াই দিয়া কাৰ্যক তীব্ৰ বিৰোধিতা কৰে সংগঠনটোৱে । ইপিনে সাম্প্ৰদায়িক সংঘৰ্ষৰ চেষ্টা চলোৱা ভণ্ড সত্যৰঞ্জনক নাকি লগাবলৈও এই সংবাদমেলৰ জৰিয়তে দাবী জনায় পৰিষদৰ নেতৃত্বই ।

লগতে পঢ়ক :ছয় নং দফাৰ প্ৰতিবেদনৰ নামত খিলঞ্জীয়াক চৰকাৰৰ মহা প্ৰবঞ্চনাঃ উপমন্যু

ABOUT THE AUTHOR

...view details