অসম

assam

ETV Bharat / state

অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ - অধিক সংখ্যক গ্ৰাহকে ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলৰ বাসিন্দা

গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক গৰাকীক 50 পৰা 100 এশ টকা নিদিলে টকা উলিয়াব নোৱাৰে বুলি অভিযোগ কৰিছে বেংকটোৰ গ্ৰাহক সকলে । সেৱা কেন্দ্ৰটোত একাংশ গ্ৰাহকৰ জমাকৃত ধন হৰলুকি হোৱাৰ লগতে , গ্ৰাহকৰ ধন জালিয়াতিৰে উলোৱাৰ লগতে গ্ৰাহক সকল দুব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷

jania-assam-gramin-bikash-bank-csp-center-manager-corruption-alligation-by-customer
অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

By

Published : Aug 2, 2020, 4:27 PM IST

জনীয়া,2 আগষ্টঃ অসম গ্ৰামীণ বিকাশ বেংক মন্দিয়া শাখাৰ অধীনস্থ বামুণ দংৰা গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ভূক্তভোগী ৰাইজে দাখিল কৰিলে এজাহাৰ ৷ আৰক্ষীৰ ভূমিকাৰ ওপৰত অসন্তুষ্ট ৰাইজ ।

উল্লেখ্যোগ্য যে, গ্ৰাহক সেৱা কেন্দ্রটোৰ অধিক সংখ্যক গ্ৰাহকে ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলৰ বাসিন্দা । 50 পৰা 100 টকা নাও ভাড়া খৰচ কৰি তেওঁলোকে গ্ৰাহক সেৱা কেন্দ্ৰটোত টকা জমা কৰাৰ লগতে উলিয়াবলৈ আহে ৷ ইপিনে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক গৰাকীক 50 পৰা 100 এশ টকা নিদিলে জমা ধন উলিয়াৱলৈ নোৱাৰে বুলি অভিযোগ কৰিছে বেংকটোৰ গ্ৰাহক সকলে । সেৱা কেন্দ্ৰটোত একাংশ গ্ৰাহকৰ জমাকৃত ধন হৰলুকি হোৱাৰ লগতে , গ্ৰাহকৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ লগতে গ্ৰাহক সকলক দুব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ পৰিচালক জনৰ বিৰুদ্ধে ৷

অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ

আনহাতে পৰিচালক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে শৰিফন নেছা নামৰ ভুক্তভোগী এগৰাকীয়ে বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত মন্দিয়া আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰি অভিযোগকাৰীৰ ঘৰলৈ গৈ অত্যাচাৰ কৰাৰ হে বিষ্ফোৰক অভিযোগ উঠিছে । উপায়ন্তৰ হৈ ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰি উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপৰ দাবী কৰা পৰিলক্ষিত হৈছে । তাৰ বিপৰীতে বেংক কৰ্তৃপক্ষই উল্লেখ কৰা মতে অভিযোগকাৰী সকলৰ অভিযোগ মিছা আৰু মনেসজা বুলিহে জানিবলৈ দিয়ে। ইপিনে আৰক্ষীৰ নিৰপেক্ষ আৰু অধিক তদন্তৰ পিছত হে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব বুলি গ্ৰাহকৰ লগতে স্থানীয় ৰাইজে আশা প্ৰকাশ কৰা দেখা গৈছে ৷

লগতে পঢ়কঃ পেগুসকলৰ বংশাৱলীৰ সামৰি "কান্দাৰ পেগু পুৰুষনামা"

ABOUT THE AUTHOR

...view details