"এনআৰচিৰ দাবী-আপত্তি প্ৰক্ৰিয়াৰ দ্বাৰা বৈধ ভাৰতীয় লোকক অন্যায়ভাৱে জধে-মধে সংখ্যালঘু লোকক শুনানিৰ বাবে জাননী জাৰি কৰি ইখন জিলাৰ পৰা সিখন জিলালৈ দৌৰাই আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিয়া হৈছে "
এনআৰচিৰ নামত সংখ্যালঘু লোকক আৰ্থিক,শাৰীৰিক আৰু মানসিক কষ্ট দিয়া হৈছে ! - etv bharat assam
"এনআৰচিৰ দাবী-আপত্তি প্ৰক্ৰিয়াৰ দ্বাৰা বৈধ ভাৰতীয় লোকক অন্যায়ভাৱে যধে-মধে সংখ্যালঘু লোকক শুনানিৰ বাবে জাননী জাৰি কৰি ইখন জিলাৰ পৰা সিখন জিলালৈ দৌৰাই আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে কষ্ট দিয়া হৈছে ।"
![এনআৰচিৰ নামত সংখ্যালঘু লোকক আৰ্থিক,শাৰীৰিক আৰু মানসিক কষ্ট দিয়া হৈছে !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3388938-214-3388938-1558874288635.jpg)
জনীয়া, ২৬ মে: এই অভিযোগ জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ । দেওবাৰে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ বৰপেটা জিলাৰ যৌথ উদ্যোগত এন আৰ চিৰ দাবী-আপত্তি সম্পৰ্কে সংবাদ মেলৰ আয়োজন কৰি এনেদৰে অভিযোগ উত্থাপন কৰে সংগঠন দুটাই । সংবাদমেলত জামাত-ই-ইছলামী হিন্দ আৰু এছ আই অ'ৰ উত্তৰ-পূৱ মণ্ডলৰ সাংগঠনিক ছফিকুল ইছলাম আৰু আজনুৰ হকে কয় যে, শুনানিত আপত্তিকাৰীৰ উপস্থিত আপত্তিবোৰ নাকচ কৰা, ভুৱা আৰু ঠিকনাবিহীন আপত্তিবোৰ খাৰিজ কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে নিজৰ জিলাতেই শুনানি অনুষ্ঠিত কৰিবলৈ দাবী জনায় । লগতে, আগন্তুক পৱিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৩ জুনৰ পৰা ৭ জুনলৈ এন আৰ চিৰ দাবী-আপত্তিৰ শুনানি বন্ধ ৰাখিবলৈ সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষ আৰু চাৰকাৰলৈ দাবী জনায় ।