বৰপেটা, ২৮ জুলাই :বৰপেটাত ৭ জেহাদী গ্ৰেপ্তাৰক লৈ সৰুক্ষেত্ৰীৰ বিধায়ক তথা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে(Assam Congress working president Zakir Hussain Sikdar) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ কংগ্ৰেছ নেতাগৰাকীয়ে জেহাদী কাৰ্যকলাপৰ বাবে ৰাজ্যৰ গৃহ বিভাগক জগৰীয়া কৰিছে ৷ ৰাজ্যত বিজেপিয়ে ৭ বছৰ শাসন চলোৱাৰ পিচতো ৭ বছৰে জেহাদীৰ ঘাটি কিয় চলি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে(Jakir Hussain Sikdar reaction on Jihadi arrested at Barpeta) ৷
বৰপেটা আৰক্ষীয়ে বৃহস্পতিবাৰে 7 টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰে(7 Jihadi arrested in Barpeta) ৷ ধৃত জেহাদীকেইটা ক্ৰমে মইনুহ হক, আমিদুল ইছলাম, ৰফিকুল ইছলাম, ছাহজাহান আলী, কাজিবুৰ হুছেইন, ছাহানুৰ আৰু জুবেৰ খান বুলি জানিব পৰা হৈছে ৷ বৰপেটাৰ জনীয়াৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মইনুহ, ৰফিকুল, ছাহজাহান আৰু কাজিবুৰক ৷ আনহাতে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুবেৰ খান নামৰ জেহাদীটোক ৷