নিউজ ডেস্ক, 3 নৱেম্বৰঃৰাজ্যত অব্যাহত আছে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আহ্বানত সমগ্ৰ অসমতে 11 দফীয়া দাবী পূৰণেৰে যোৱা 2 ডিচেম্বৰৰ পৰা সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে ৷ ৰাজ্যখনৰ লগতেযোৰহাটজিলা বিজুলী ভৱনৰ চৌহদত যোৰহাট জিলা সমিতিয়ে সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যদি 7 ডিচেম্বৰৰ পিচতো চৰকাৰে প্ৰতিবাদী আন্দোলনৰ ভাষা বুজি নাপায় তেনেহলে অনিৰ্দ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই ৷
ইফালে,বৰপেটা ৰোডতো সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আহ্বানত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ বৰপেটাৰোডৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ চাকৰি নিয়মীয়াকৰণ তথা আন কেইবাটাও দাবী পূৰণৰ বাবে এই আন্দোলন গঢ়ি তোলে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে ৷