অসম

assam

ETV Bharat / state

বৰপেটাত হুৰহুৰাই ভাগি পৰিল বিদ্যালয় চৌহদৰ দেৱাল - ইটিভি ভাৰত

বৰপেটা বহৰিত নিৰ্মাণৰ পিচতেই ভাগি পৰিল বিদ্যালয় চৌহদৰ দেৱাল ৷ বিদ্যালয়খনৰ অধ্যক্ষ হাকিম খানে পৰিচালনা সমিতিৰ অজ্ঞাতে নিজাববীয়াকৈ অতি নিম্নমানেৰে নিৰ্মাণ কৰিছিল দেৱালখন ৷ যাৰবাবে এনেদৰে দেৱালখনৰ একাংশ ভাগি পৰাৰ লগতে দেৱালখনৰ আন কেবাটাও অংশ হাউলি পৰিছে ৷

বৰপেটাত হুৰহুৰাই ভাগি পৰিল বিদ্যালয় চৌহদৰ দেৱাল

By

Published : May 4, 2019, 12:08 PM IST

বৰপেটা, 4 মেঃ বৰপেটাৰ তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণৰ পাচতে হুৰহুৰাই ভাগি পৰিল বিদ্যালয় চৌহদৰ দেৱাল ৷ সৌভাগ্যবশতঃ আঘাতপ্ৰাপ্ত নোপোৱাকৈ ৰক্ষা পৰে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকল ৷

বৰপেটাত হুৰহুৰাই ভাগি পৰিল বিদ্যালয় চৌহদৰ দেৱাল

লগতে পঢ়ক:20 জন বাংলাদেশীক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাংলাদেশলৈ প্ৰেৰণ

বহৰিৰ সমীপৰ তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ পকী দেৱাল নিৰ্মাণৰ বাবে ৰাজ্যৰ মাধ্যমিক শিক্ষা পৰিষদে আগবঢ়াইছিল 8 লাখ 22 হাজাৰ টকাৰ অনুদান ৷ কিন্তু বিদ্যালয়খনৰ অধ্যক্ষ হাকিম খানে পৰিচালনা সমিতিৰ অজ্ঞাতে নিজাববীয়াকৈ অতি নিম্নমানেৰে নিৰ্মাণ কৰিছিল দেৱালখন ৷ যাৰবাবে এনেদৰে দেৱালখনৰ একাংশ ভাগি পৰাৰ লগতে দেৱালখনৰ আন কেবাটাও অংশ হাউলি পৰিছে ৷ ধনৰ লোভত পৰি শিক্ষকতাৰ বৃত্তিত জৰিত অধ্যক্ষ হাকিম খানে নিজ বিদ্যালয়ৰ দেৱালখন এনেদৰে নিম্নমানৰ কামেৰে নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ ৰাইজে এইক্ষেত্ৰত বিভাগীয় তদন্তৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details