জনীয়া,23 ছেপ্তেম্বৰ:প্ৰদূষণ মুক্ত অসম গঢ়াৰ এক সপোন এজন যুৱকৰ ৷ যুৱকজনৰ নাম আয়নাল হক ৷ কেৰালাৰ পৰা প্ৰশিক্ষণ লৈ জনীয়াৰ আয়নাল হক আৰু তেওঁৰ আন তিনি সতীৰ্থই সাজি উলিয়াইছে এটা অত্যাধুনিক যন্ত্ৰ ৷ যি যন্ত্ৰৰ সহায়ত অতি সহজে আৱৰ্জনা নিষ্কাষণ কৰিব পৰা যাব ৷
এই অত্যাধুনিক যন্ত্ৰটো নিৰ্মাণ কৰোতে যুৱক চাৰিজনক সময় লাগিছিল প্ৰায় এমাহ ৷ প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে নিজা প্ৰচেষ্টাৰে সাজি উলিওৱা হৈছে এই অত্যাধুনিক আৱৰ্জনা নিষ্কাষণ যন্ত্ৰটো । কৰ্ম উদ্যমী এই যুৱক কেইজনৰ প্ৰতিভাৰ সকলোৱে শলাগ জনাইছে ৷
যন্ত্ৰটোৰ জৰিয়তে বজাৰ, হাস্পতাল, ৰাজহুৱা স্থানত দ’ম হৈ থকা জাবৰ-জোঁথৰসমূহ অনায়াসে নিষ্কাষণ কৰিব পৰা যাব । এই যন্ত্ৰটোৰ ভিতৰত জাবৰ-জোঁথৰসমূহ ভৰাই দি জুই জ্বলাই দিয়াৰ পাচত এটা নলৰ জৰিয়তে প্ৰায় ৪৫ ফুট ওপৰেদি ধোঁৱা ওলাই যাব ৷ যাৰ ফলত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ’লেও ৰোধ হ’ব ৷