জনীয়া,৩০ জুলাইঃ মূৰৰ পৰা মাত্ৰ এক ফুট ওপৰেদি গৈছে বিদ্যুৎ পৰিবাহী তাঁৰ। জংঘলৰ মাজত ঢাক খাই পৰিছে ট্ৰেন্সফৰ্মাৰ আচৰিতভাৱে ভলুকা বাঁহৰে লগাই ৰখা হৈছে বিদ্যুৎ পৰিবাহী খুঁটা। সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন গুনিয়ালগুৰিত দৃশ্যমান হৈছে বিদ্যুৎ বিভাগৰ পয়ালগা আৰু ভয়ংকৰ ছবি। কলগাছিয়া এলেকাত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক মৃত্যুমুখত পৰা ঘটনা নতুন নহয় যদিও এই ক্ষেত্ৰত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গা নলৰা দেখি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।
গুনিয়ালগুৰিত শক্তি বিভাগৰ মৰণ ফান্দ!
সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ বহু লোক মৃত্যুমুখত পৰা ঘটনা নতুন নহয় যদিও এই ক্ষেত্ৰত সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ গা নলৰা দেখি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ।
স্থানীয় ৰাইজে তদন্ত সাপেক্ষে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনাইছে। অন্যথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ ঠিকাদাৰে ধনৰ লেনদেনতহে কাম কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইয়াৰোপৰি ঠিকাদাৰ তাইজুদ্দিনে ধন নিদিয়া ঠাইত ভলুকা বাঁহকে বিদ্যুতৰ খুঁটা হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাতে বিদ্যুতৰ তাঁৰ চিগি মাটিত পৰি থকাৰ ঘটনা নতুন নহয় ৷ বিদ্যুতৰ এই দুৰ্যোগৰ বিষয়ে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলক অৱগত কৰিলেও কোনো ব্যবস্থা গ্ৰহণ নকৰে বুলি ৰাইজে সংবাদ মাধ্যমক জনাইছে।