অসম

assam

ETV Bharat / state

এগৰাকী মহিলা ঠেলা চালক: তেওঁৰ বাবে আছেনে নাৰী দিৱসৰ গুৰুত্ব ?

বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপন কৰাৰ লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দায়বদ্ধতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে নাৰী দিৱস পালন কৰা হয় ।

এগৰাকী মহিলা ঠেলা চালক: তেওঁৰ বাবে আছেনে নাৰী দিৱসৰ গুৰুত্ব ?
এগৰাকী মহিলা ঠেলা চালক: তেওঁৰ বাবে আছেনে নাৰী দিৱসৰ গুৰুত্ব ?

By

Published : Mar 9, 2021, 9:33 AM IST

জনীয়া,9 মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সোমবাৰে পালন কৰা হ'ল আন্তৰ্জাতিক নাৰী দিৱস ৷ বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰীদিৱস উদযাপন কৰাৰ লক্ষ্য বেলেগ বেলেগ। ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে, আকৌ ক'ৰবাত মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দায়বদ্ধতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে নাৰী দিৱস পালন কৰা হয় । বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈছে মহিলা সকলো ৷ সমাজৰ বাধা নেওচি জীৱন সংগ্ৰাম চলাই গৈছে বহু নাৰীয়ে ৷ তেনে এগৰাকী মহিলা হৈছে বৰপেটা জিলাৰ জনীয়া তাপেশ্বৰা গাঁৱৰ বছিৰণ নেচা ৷

এগৰাকী মহিলা ঠেলা চালক: তেওঁৰ বাবে আছেনে নাৰী দিৱসৰ গুৰুত্ব ?

মহিলা গৰাকীৰ স্বামীৰ কোনো উপাৰ্যন নথকাৰ বাবে বিগত দহটা বছৰে অকলে চলাই গৈছে জীৱন সংগ্ৰাম ৷ বৰপেটা জিলাৰ বিভিন্ন বজাৰে বজাৰে মহিলা গৰাকীয়ে কৰি গৈছে বিভিন্ন কাম ৷ কেতিয়াবা যদি কাৰোবাৰ ঘৰত কাম কৰিছে, কেতিয়াবা আকৌ দিন হাজিৰা কৰাৰ লগতে বজাৰে বজাৰে ঠেলা গাড়ীৰে সামগ্ৰী কঢ়িয়াইছে ৷ ইমান কষ্টেৰে জীৱন সংগ্ৰাম চলাই যোৱাৰ পাচতো কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই মহিলা গৰাকীক ৷ তাৰ পাচতো কোনো আপত্তি নাই মহিলা গৰাকীৰ ৷ আন ওচৰত খুজি মাগি খোৱাতকৈ এনেদৰে কৰ্ম কৰি জীৱন নিৰ্বাহ কৰাত মহিলা গৰাকীক শলাগিছে সকলোৱে ৷

লগতে পঢ়ক:মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদ: দল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ

ABOUT THE AUTHOR

...view details