বৰপেটা, ২২ ছেপ্টেম্বৰ : ৰাজ্যখনৰ বধিৰসকল বিভিন্ন ধৰণে বঞ্চিত হৈ আহিছে । বধিৰসকলৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰি আহিছে যদিও সেইবোৰ আঁচনিৰ সুফল লাভ কৰা নাই ৰাজ্যখনৰ বধিৰসকলে । অসম বধিৰ সন্থাই ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যজুৰি পালন কৰিছে বধিৰসকলৰ ৬৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস ।
সপ্তাহজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম বধিৰ সন্থাৰ সম্পাদক তপন কুমাৰ শৰ্মাই বধিৰসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মনৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ দো-ভাষীৰ জৰিয়তে বধিৰ সন্থাৰ সম্পাদকগৰাকীয়ে অৱগত কৰিলে ৰাজ্যখনত বধিৰসকলে সন্মুখীন হোৱা শৈক্ষিক সমস্যাৰ কথাও । তেওঁ জনোৱা মতে ৰাজ্যখনৰ প্ৰায় ১২ লাখ বধিৰৰ বিপৰীতে অসমত মাত্ৰ দুখন বধিৰ বিদ্যালয়হে আছে ৷
য'ত মাত্ৰ ৫৫০ গৰাকী বধিৰ শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে ৷ ৰাজ্যখনৰ আটাইকেইখন জিলাত বধিৰ বিদ্যালয় নাই আৰু তাৰ ফলত বৃহৎ সংখ্যকেই শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ সেয়ে বধিৰসকলৰ শিক্ষাৰ উন্নয়নৰ বাবে ৰাজ্যখনত অধিক শিক্ষানুষ্ঠান স্থাপনৰো দাবী জনায় বধিৰ সন্থাই ৷ অসমৰ বধিৰ বিদ্যালয়সমূহৰ পৰা অসমীয়া বিষয়টো কিয় উঠাই দিয়া হ'ল বুলি ক্ষোভ প্ৰকাশ কৰি অসমীয়া বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ দাবী জনায় সন্থাই ৷