পাঠশালা, 21 ডিচেম্বৰ :অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ ভিত্তিত নিৰ্মাণ কৰা "লাইফ ইন এ পাপেট" যোৱা ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ সমুদ্ৰ নগৰী প'ৰ্টব্লেয়াৰত অনুষ্ঠিত প'ৰ্টব্লেয়াৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ৷ য'ত অংশগ্ৰহণ কৰিছিল বিশ্বৰ প্ৰায় 50 খন দেশে ৷ 50 খন দেশৰ চূড়ান্ত 97 খন চলছিত্ৰৰ ভিতৰৰ পৰা যুটীয়াভাৱে বাচনি কৰে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰে অসমৰ "লাইফ ইন এ পাপেট" আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চলচিত্ৰ “On The Day That I Died" এ ৷
"লাইফ ইন এ পাপেট"ৰ পৰিচালক এই শিতানৰ ওপৰিও আন তিনিটা শিতানত শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ৰাজেন দাস পৰিচালিত চলচ্চিত্ৰখনে ৷ ভাৰতীয় আঞ্চলিত ভাষাৰ চলচ্চিত্ৰ শিতানত শ্ৰেষ্ঠ হোৱাৰ লগতে চলচিত্ৰ খনৰ পৰিচালক ৰাজেন দাসে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ ওপৰিও শ্ৰেষ্ঠ প্ৰযোজনাৰ খিতাপো দখল কৰিবলৈ সক্ষম হৈছে লাইপ ইন এ পাপেট চলচ্চিত্ৰই ৷
মুখ্য চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈ,দিপান্বিতা দাস,প্ৰকাশ ঠাকুৰীয়া আৰু অসম পাপেট থিয়েটাৰৰ প্ৰযোজক নাৰায়ণ ডেকাই পৰিচালক ৰাজেন দাসৰ সাফল্যই আনন্দৰ বন্যা বোৱাইছে তেওঁৰ গৃহভূমি বজালীৰ ভালুকী গাঁৱত ৷ উল্লেখ্য যে, ছবিখনৰ অধিক সংখ্যক চৰিত্ৰতে অভিনয় কৰিছে পৰিচালক গৰাকীৰ গাঁওখনৰ কোনোদিনে কেমেৰাত অভিনয় নকৰা শিল্পীসকলে ৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈ,দিপান্বিতা দাস,প্ৰকাশ ঠাকুৰীয়া আৰু অসম পাপেট থিয়েটাৰৰ প্ৰযোজক নাৰায়ণ ডেকাই ৷ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালি শৰ্মাই ৷ ৰিভাৰচাইড পিনাক ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে ৰাজেন দাস আৰু মিনাক্ষী দাসে ৷ লগতে ছবিখনৰ প্ৰডাকশ্যন ডিজাইন কৰিছে মৃণাল শৰ্মাই ৷ অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক জীয়াই তোলাৰ প্ৰয়াসেৰে আৰু পুতলা নাচৰ শিল্পীসকলৰ দুৰ্বিষহ জীৱনৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখনে বিশ্বৰ বিভিন্ন দেশৰ চলচ্চিত্ৰ মহোৎসৱত বহু প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷
বিশ্ব দৰবাৰত জিলিকিল "লাইফ ইন এ পাপেট" ৰাজেন দাসে নিজ গাঁও ভালুকীৰ কালদিয়া নদীৰ পাৰত নৱদীপ জ্ঞানশালা নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰি গাঁওখনৰ শতাধিক ল'ৰা-ছোৱালীক নাটকৰ প্ৰশিক্ষণ দি আহিছে ৷ তেওঁৰ এনে প্ৰয়াসে আগন্তুক দিনলৈয়ো বিশ্বৰ দৰবাৰত অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব ৷
লগতে পঢ়ক:বক্সিং দিৱসত অনুষ্ঠিত টেষ্টত মেন অৱ দ্য মেচক প্ৰদান কৰা হ'ব মুলাগ মেডিল বঁঁটা