বৰপেটা, ১০ জানুৱাৰী : বৰপেটাত আৰম্ভ হৈছে ৰাজ্যিক ভিত্তিত বক্সিঙৰ মহাৰণ (Inter district boxing championship) ৷ বৰপেটা জিলা এমেছাৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত বক্সিং প্ৰতিযোগিতাখনত ভাগ লৈছে ৰাজ্যৰ প্ৰায়সমূহ জিলাৰ প্ৰতিনিধিয়ে ৷
বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত 9 জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বক্সিং প্ৰতিযোগিতাখন দেওবাৰে নিশা উদ্বোধন কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ আন্তঃজিলা বক্সিং (জুনিয়ৰ) প্ৰতিযোগিতাখন উদ্বোধন কৰাৰ পিচতে হাতত গ্ল’ভছ পৰিধান কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো দেখা গ’ল বক্সিং ৰিঙত ৷