অসম

assam

By

Published : Jul 13, 2022, 6:11 PM IST

ETV Bharat / state

বৰপেটাত ৫০ বিঘা ভূমিত স্থাপন হ’ব সংহত উপায়ুক্ত কাৰ্যালয়: ৰণজিৎ কুমাৰ দাস

বৰপেটাৰ সংহত উপায়ুক্ত ভৱনৰ বাবে ধাৰ্য কৰা হৈছে ৫০ কোটি টকা(Integrated Deputy Commissioner's Office to be set up in Barpeta) ৷ কাৰ্যালয় স্থাপনৰ কাৰণে ভূমি নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ সত্ৰনগৰী বৰপেটা সত্ৰৰ আশে পাশে থকা স্থানত সংহত উপায়ুক্ত কাৰ্যালয় স্থাপনৰ বাবে মাটি বিচৰা হৈছে ৷

Integrated Deputy Commissioner's Office to be set up in Barpeta
বৰপেটাত ৫০ বিঘা ভূমিত স্থাপন হ’ব সংহত উপায়ুক্ত কাৰ্যালয়

বৰপেটা, ১৩ জুলাই: বৰপেটাত প্ৰায় ৫০ বিঘা ভূমিত সংহত উপায়ুক্তৰ কাৰ্যালয় স্থাপন কৰা হ’ব ৷ সংহত উপায়ুক্তৰ কাৰ্যালয় স্থাপনৰ কাৰণে ভূমি নিৰ্ধাৰণ কৰিবলৈ ইতিমধ্যে উপায়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ বুধবাৰে বৰপেটাত এই কথা ঘোষণা কৰে বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(MLA Ranjeet Kumar Das at Barpeta) ৷ বৰপেটা জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন সভাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে এই তথ্য ৷

বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সদৰি কৰা অনুসৰি, সংহত উপায়ুক্ত ভৱনৰ বাবে ৫০ কোটি টকা ধাৰ্য কৰা হৈছে ৷ সত্ৰনগৰী বৰপেটা সত্ৰৰ আশে পাশে থকা স্থানত সংহত উপায়ুক্ত কাৰ্যালয় স্থাপনৰ বাবে মাটি বিচৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ উপায়ুক্ত কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কৰ্মচাৰীসকলৰ সৈতেও কেবিনেট মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে ৷ কৰ্মচাৰীসকলে কামকাজৰ ক্ষেত্ৰত লাভ কৰা সুবিধা-অসুবিধাসমূহৰ কথা মন্ত্ৰীগৰাকীৰ সন্মুখত মুকলিকৈ প্ৰকাশ কৰে ৷

উপায়ুক্ত কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰে মন্ত্ৰী ৰণজিৎ দাসৰ বৈঠক

উল্লেখ্য যে, ৰাজ্যৰ ইতিহাসত তৃতীয় বৰ্গৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কৰ্মচাৰীসকলৰ লগত এগৰাকী কেবিনেট মন্ত্ৰীয়ে বৈঠকত মিলিত হোৱা এইয়াই প্ৰথম ৷ বৈঠকত মন্ত্ৰীগৰাকীৰ লগত বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল(Barpeta DC Tej Prasad Bhusal) উপস্থিত থাকে ৷

লগতে পঢ়ক :Protest at Barpeta : বান সাহায্যৰ দাবীত বৰপেটাত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details