বৰপেটা, ২০ছেপ্টেম্বৰ:ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিখন সোমবাৰে সমগ্ৰ অসমতে মুকলি কৰা হয় ৷ উক্ত আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ২ লাখ হিতাধিকাৰীক ২৫ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান (One time relief cheque issued in Barpeta)কৰা হয় ৷ ৰাজ্যজুৰি অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি আজি বৰপেটা জিলাৰ ৪২৮ গৰাকী বিধৱা মহিলাক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে এককালীন অৰ্থ সাহায্যৰ চেক প্ৰদান কৰা হৈছে ।
উল্লেখ্য় যে পৰিয়ালৰ মূল উপাৰ্জনক্ষম লোকজন বা স্বামীক হেৰুৱাই অসহায় হোৱা বিধৱা মহিলাসকল স্বাভাৱিকতেই পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হয় ৷ তেনে এক পৰিস্থিতিৰ কথা ভাবিয়েই মহীয়সী নাৰী ইন্দিৰা মিৰিৰ নামত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি । উক্ত আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ২ লাখ বিধৱা মহিলাৰ লগতে বৰপেটা জিলাৰ ৪২৮ গৰাকী মহিলাক এই চেক প্ৰদান কৰা হয় ৷