গামোচাৰ পিছত মক্কাৰ বুকুত সগৌৰৱেৰে উৰিব ত্ৰিৰংগা - India
বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ তীৰ্থস্থান চৌদি আৰৱৰ মক্কাত অসমৰ হজযাত্ৰীয়ে উদযাপন কৰিব দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস ৷ মক্কাৰ বুকুত ইতিমধ্যই সগৌৰৱেৰে হজযাত্ৰীসকলে নিজৰ কান্ধত ধাৰণ কৰিছে অসমীয়া জাতিৰ স্বাভিমান গামোচা ৷
জনীয়া, 14 আগষ্টঃ এইবাৰ চৌদি আৰৱৰ মক্কাত উৰিব ত্ৰিৰংগাৰ নিচান ৷ ইছলাম ধৰ্মাৱলম্বীৰ পৱিত্ৰ তীৰ্থস্থান চৌদি আৰৱৰ মক্কাত অসমীয়া ফুলাম গামোচা নিজৰ কান্ধত পৰিধান কৰাৰ পাছত বৰ্তমান হজ পালনৰ পৰিপ্ৰেক্ষিতত মক্কাতেই উপস্থিত থকা অসমীয়া হজযাত্ৰীয়ে পালন কৰিব দেশৰ 73 তম স্বাধীনতা দিৱস ৷ মুম্বাইৰ আল-আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত মক্কাত ভাৰতৰ স্বাধীনতা দিৱস পালনৰ সকলো জৰুৰী প্ৰস্তুতি ইতিমধ্যেই সম্পন্ন কৰি তোলা হৈছে ৷ মক্কাৰ আজিজীয়া হোটেলত বাহৰ পাতি থকা অসমীয়া হজযাত্ৰীসকলে 15 আগষ্টৰ দিনা কান্ধত অসমীয়া গামোচা লৈ চৌদি মৰুৰ দেশ আৰৱত উদযাপন কৰিব দেশৰ স্বাধীনতা দিৱস ।