জনিয়া,19 জুন:বৰপেটা জিলাত অব্যাহত আছেবেকী নদীৰ তাণ্ডৱ ৷ বেকীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধ শতাধিক গাওঁ ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা পানীত বুৰ গৈছে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ন ন অঞ্চল ৷ ফলত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ । সম্প্ৰতি বানপানীৰ কবলত পৰি খাদ্যৰ সংকটত ভুগিছে শতাধিক পৰিয়ালৰ লগতে পশুধনসমূহ ৷
বেকীৰ বাঢ়নী পানীত প্লাৱিত কলগাছিয়াৰ অৰ্ধ শতাধিক গাওঁ - বেঁকী নদী
বানৰ কবলত বৰপেটা জিলাৰ কলগাছিয়াৰ বৃহত্তৰ অঞ্চল ৷ বেকী নদীৰ বাঢ়নী পানীয়ে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক গাঁও বুৰাই পেলোৱাত অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

কলগাছিয়াত বানৰ তাণ্ডৱ
কলগাছিয়াত বানৰ তাণ্ডৱ
উল্লেখ্য যে,ভূটানৰ কুৰিশ্বু বান্ধৰ পৰা পানী এৰাৰ পিছতে বেকী নদীৰ জলপৃষ্ট বৃদ্ধি হোৱাৰ ফলত বৃহস্পতিবাৰৰ পৰা নৈখনে বুৰাই পেলাই এক বৃহত্তৰ অঞ্চল ৷ ইতিমধ্যে লক ডাউনৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হোৱা অঞ্চলবাসী সম্প্ৰতি বানৰ কবলত পৰি যথেষ্ঠ ক্ষতিৰ সন্মুখীন হোৱাত চৰকাৰৰ পৰা সাহায্য বিচাৰি কাতৰ আহ্বান জনাইছে ৷
লগতে চাওকঃ১৩ দিনৰ অন্তৰালত ৭ টকাকৈ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য