অসম

assam

By

Published : Dec 9, 2021, 9:43 PM IST

ETV Bharat / state

Integrated Infrastructure Development Centre : ধোঁৱাচাঙত বজালীত স্থাপন কৰা এটা উদ্যোগিক প্ৰকল্প

উদ্যোগ বিভাগে চৰকাৰী ধন খৰচ কৰি প্ৰায় 200 বিঘা ভূমি সামৰি বজালীৰ ডুমুৰীয়াত স্থাপন কৰিছিল এটা বৃহৎ উদ্যোগ ক্ষেত্ৰ (Integrated Infrastructure Development Centre) ৷ বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা এই চৌহদ এতিয়া পৰিণত হৈছে গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ ৷

Land Abandoned in Bajali
ঘন বনাঞ্চললৈ ৰূপান্তৰিত হৈছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সংলগ্ন ভূমি

বজালী, 9 ডিচেম্বৰ :অসম চৰকাৰৰ উদ্যোগ বিভাগে ৰাজ্যৰ একাংশ উদ্যোগীক ক্ষেত্ৰক বননিলৈ ৰূপান্তৰিত কৰিবৰ বাবেহে যেন হাতে কামে লাগিছে ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উদ্যোগ বিভাগে চৰকাৰী ধন খৰচ কৰি প্ৰায় 200 বিঘা ভূমি সামৰি বজালীৰ ডুমুৰীয়াত স্থাপন কৰিছিল এটা বৃহৎ উদ্যোগ ক্ষেত্ৰ ৷ বজালী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপতে অৱস্থিত প্ৰায় 200 বিঘা ভূমি(land abandoned behind DC office in Bajali) সামৰি ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগে স্থাপন কৰিছিল এটা আন্ত গাঁঠনি উন্নয়ন কেন্দ্ৰ ৷

কেন্দ্ৰটো স্থাপনৰ সময়ত চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাইজৰ দিছিল আশ্বাস ৷ চৰকাৰৰ এই আশ্বাস শুনি সকলোৱে কামনা কৰিছিল, উদ্যোগটো গতিশীল হ’লে অঞ্চলটোৰ এক বৃহৎ সমস্যা নিবনুৱা সমস্যাৰ বহুখিনি সমাধান হ’ব ৷ কিন্তু এই সপোনক গুৰুত্বহীন কৰি এতিয়া সকলো হৈ পৰিল ফুটুকাৰ ফেন ৷

ঘন বনাঞ্চললৈ ৰূপান্তৰিত হৈছে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সংলগ্ন ভূমি

ইফালে ঘন বনাঞ্চললৈহে পৰিণত হৈছে উদ্যোগক্ষেত্ৰৰ বাবে আৱন্টিত এই ভুমিখণ্ড ৷ বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা এই চৌহদ এতিয়া হৈছে গৰু ছাগলীৰ চৰণীয়া পথাৰ ৷ প্ৰায় 6/7 বছৰৰ পূৰ্বে এই উদ্যোগক্ষেত্ৰৰ ভিতৰত পকী পথ, পানী যোগানৰ ব্যৱস্থা, আটক ধুনীয়া এটা গৃহ আৰু এটা সৰু গুদাম ঘৰ নিৰ্মাণ কৰা হৈছিল যদিও বৰ্তমানে এই সমূহ হৈ পৰিছে ভূতবাংলা সদৃশ ৷ অৱশ্যে বৰ্তমানেও দুজন নিৰাপত্তাৰক্ষী মোতায়েন হৈ থকা এই বিশাল ভূমিখণ্ড এতিয়া পৰি ৰৈছে এনেদৰেই ৷

ইফালে বজালীৰ অন্তৰ্গত স্থানীয় ডুমুৰীয়াবাসী ৰাইজে অঞ্চলটোৰ কৃষি কৰ্মৰ দ্বাৰা জীৱন অতিবাহিত কৰা লোকসকলৰ বৰ্তমানৰ দুৰৱস্থাৰ বাবে জগৰীয়া কৰিছে বৰ্তমানৰ চৰকাৰখনক ৷ এক উদ্যোগীক ক্ষেত্ৰৰ বাবে থাকিব লগীয়া সম্পূৰ্ণ সুবিধা থকা স্বতেও একমাত্ৰ চৰকাৰী অৱহেলাৰ বাবেই অঞ্চলটো আজিও পিছ পৰি ৰৈছে বুলি অভিযোগ তুলিছে স্থানীয় ডুমুৰীয়াবাসীয়ে ৷ উদ্যোগৰ এটা আন্ত গাঁঠনি উন্নয়ন কেন্দ্ৰ স্থাপন কৰিও তাক সক্ৰিয় কৰিব নোৱাৰা অসম চৰকাৰৰ উদ্যোগ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ ৰাইজে এতিয়া এই ভূমিখণ্ড কৃষিকাৰ্য নতুবা বনভোজস্থলীৰ কাৰণে মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :ৰঙানদীৰ চাপৰিত সেউজ সপোনে মেলিছে পোখা

ABOUT THE AUTHOR

...view details