বৰপেটা, ১০ ছেপ্টেম্বৰ: চতুৰ্থটি নাট্যবৰ্ষৰ বাবে সাজু 'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদল । বিগত বৰ্ষত কৰ'ণা মহামাৰীৰ বাবে নাটক মঞ্চস্থ কৰিব পৰা হোৱা নাছিল । এইবাৰ ক'ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নাট্যদলসমূহক নাটক মঞ্চস্থ কৰাৰ অনুমতি দিছে । সেয়ে, পুনৰ ন উদ্যমেৰে আখৰা আৰম্ভ কৰিছে নাট্যদলসমূহে ।
'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ মুকলি বৃহস্পতিবাৰে সন্ধিয়া 'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । বিশিষ্ট পণ্ডিত, গৱেষক, তথা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ মাধুৰ্য্যমণ্ডিত বৰুৱাই আখৰাগৃহ মুকলি কৰে । 'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ চতুৰ্থ বৰ্ষৰ মুখ্য বেনাৰ উন্মোচন কৰে শিল্পী উমেশ দত্তই ।
আখৰাগৃহ মুকলিৰ লগত সংগতি ৰাখি আয়োজিত সভাত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ।
'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ মুকলি এই অনুষ্ঠানতে চতুৰ্থ বৰ্ষৰ বাবে পৰিবেশন কৰিবলৈ লোৱা 'অৱতাৰ' আৰু 'অজলা ককাই' নামৰ নাট দুখনৰ পাণ্ডুলিপি মুকলি কৰে অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু বিশিষ্ট সমাজকৰ্মী বাণীকান্ত ভূঞাই । নটৰাজৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে চক্ৰ বিষয়া ত্ৰিদিৱ কোঁৱৰে । ভ্ৰাম্যমাণৰ জনক প্ৰয়াত অচ্যুত লহকৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা কন্ঠশিল্পী পৰেশ ভূঞাই ।
'ৰাজনন্দিনী' ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰ আৰু প্ৰযোজক পি যে প্ৰিন্সে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়া । এই বৰ্ষত নতুন নাট দুখন ৰাইজে আদৰি ল'ব বুলি আশাপ্ৰকাশ কৰিছে নাট্যদলটোৱে ।
লগতে পঢ়ক:মাণিকপুৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় পোষণ মাহ পালন