পাটাছাৰকুছি, 12 অক্টোবৰ: সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰীৰ মীন মহল সংৰক্ষণ আঁচনিৰ শুভাৰম্ভ ৷ দেওবাৰে অসম ৰাজ্যিক মীন উন্নয়ন নিগমে কৃষ্ণগুৰু সেৱা আশ্ৰমৰ বহুৱাতা বিলত 1 লাখ মাছৰ পোনা মেলি প্ৰধানমন্ত্ৰীৰ স্বনিয়োজন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ মীন মহল সংৰক্ষণ আঁচনিৰ শুভাৰম্ভ কৰে ৷
আঁচনিখনৰ শুভাৰম্ভনি কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অএছডি পদ্মকান্ত হাজৰিকাই জনাই যে পৰৱৰ্তী সময়ত এই আঁচনিৰ যোগেদি সমগ্ৰ অসমত মাছ পালনৰ বাবে প্ৰায় পাঁচ কোটি মাছৰ পোনা যোগান ধৰা হ'ব ৷ হাজৰিকাই লগতে উল্লেখ কৰে যে মাছৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত এই আঁচনিখন যথেষ্ঠ লাভজনক বিবেচিত হ'ব আৰু ইয়াৰ জৰিয়তে যথেষ্ঠ সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে লাভান্বিত হ'ব ৷