অসম

assam

ETV Bharat / state

বৰপেটাত কোভিড-19ৰ ভয়াৱহ ৰূপ, এদিনতে 21 আৰক্ষী কৰ'ণা পজিটিভ - বৰপেটা সদৰ থানাৰ উপ পৰিদৰ্শক বিকুল ইংতি

বৰপেটা জিলাত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোভিড-19 মহামাৰীয়ে ৷ জিলাখনত বিশেষকৈ আৰক্ষী বিভাগত সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিছে কোভিড-19 মহামাৰীয়ে ৷ দেওবাৰৰ দিনটোত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ 20গৰাকীকৈ আৰক্ষীৰ দেহত কোভিড-19ৰ অৱস্থিতি ধৰা পৰাৰ লগতে সৰ্বমুঠ 38গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে ৷

বৰপেটাত কোভিড-19ৰ ভয়াৱহ ৰূপ
বৰপেটাত কোভিড-19ৰ ভয়াৱহ ৰূপ

By

Published : Jul 5, 2020, 10:03 PM IST

বৰপেটা, 5 জুলাই : বৰপেটাত ইতিমধ্যেই কৰ'ণাৰ গণ সংক্ৰমনে ভয়াৱহ ৰূপ লৈছে ৷ জিলাখনৰ আৰক্ষী থানাত কৰ'ণাৰ বৃহৎ সংক্ৰমণ সংঘটিত হৈছে ৷

বৰপেটাৰ কলগাছিয়া থানাৰ 18 জনকৈ আৰক্ষীৰ লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ ভিতৰত কলগাছিয়া থানাৰ অ'চি ভাস্কৰজ্যোতি দাসসহ থানাখনৰ মুঠ 18 জন আৰক্ষীৰ লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ কলগাছিয়া থানাৰ অধীনৰ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱানো কৰ'ণাত আক্ৰান্ত হৈছে ৷ বালিকুৰি আৰক্ষী চকীৰ দুই গৃহৰক্ষী জোৱানক লৈ কলগাছিয়া থানাৰ মুঠ 20 জন আৰক্ষীৰ লোক মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই সদৰি কৰিলে এই তথ্য ৷

ইপিনে বৰপেটা সদৰ থানাৰ বিকুল ইংতি নামৰ এগৰাকী উপ পৰিদৰ্শকো কোভিড-19ত আক্ৰান্ত হৈছে ৷ বিকুল গগৈ প্ৰায় দুমাহ ধৰি কোকৰাঝাৰৰ ৰিজনেল স্কীনিং চেন্টাৰত কোভিড ডিউটীত আছিল ৷ বিকুল ইংতিকে ধৰি দেওবাৰে বৰপেটা জিলাত মুঠ 21 জন আৰক্ষী আক্ৰান্ত হয় কৰ'ণাত ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই জনোৱা মতে, বৰপেটা জিলাত এতিয়ালৈকে33 জন আৰক্ষীৰ লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইতিমধ্যে যোৱা শুক্ৰবাৰে বৰপেটা জিলাত 12 জনকৈ আৰক্ষীৰ লোক কৰ'ণাত আক্ৰান্ত হৈছিল ৷ শুক্ৰবাৰে আক্ৰান্তসকলৰ ভিতৰত আছিল বজালী মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ 4 জন, বৰপেটাৰোড আৰক্ষী থানাৰ 4 জন, বাঘমাৰা আৰক্ষী চকীৰ 1 জন আৰু সৰুপেটা আৰক্ষী চকীৰ 3 জন আৰক্ষীৰ লোক ৷ কৰ'ণা সংক্ৰমনক লৈ একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জিলাখনত ৷

এদিনতে 21 আৰক্ষী কৰ'ণা পজিটিভ

ইপিনে কাইলৈ বৰপেটা সদৰ থানাৰ নৱনিৰ্মিত কাৰ্যালয়গৃহটো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীৰ থানা গৃহ উদ্বোধনী অনুষ্ঠান বাতিল বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, আজিৰ দিনটোত 21 গৰাকী আৰক্ষীৰ লগতে বৰপেটাত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 38 জন হৈছে ৷

লগতে পঢ়কঃনগাঁৱত 825 জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্ত ৰোগী

ABOUT THE AUTHOR

...view details