অসম

assam

ETV Bharat / state

পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাত বিপাঙত যাত্ৰাদল - দূৰ্গাপূজাত সাংস্কৃতিক অনুষ্ঠান

দুৰ্গাপূজা সমাগত ৷ কিন্তু এইবাৰ দুৰ্গাপূজাত বন্ধ কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান । যাৰ ফলশ্ৰুতিত এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ পঞ্চল্লিশতা যাত্ৰা দলৰ প্ৰযোজক তথা শিল্পী আৰু কলা-কুশলী ।

important meeting of assam yatra team producers association
পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাত বিপাঙত যাত্ৰাদল

By

Published : Sep 21, 2021, 1:28 PM IST

বৰপেটা, 21 ছেপ্টেম্বৰ :সৰ্থেবাৰীৰ ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ সভাপতি নব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদায়ী সাধাৰণ সম্পাদক সুমন ভৰদ্বাজে । সভাত চৰকাৰৰ নতুন এছ অ’ পি আৰু যাত্ৰাদল প্ৰযোজক তথা শিল্পী-কলা-কুশলীৰ সমস্যা সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয় ৷

সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ উপদেষ্টা নকুল তালুকদাৰে সভাত অসমৰ পূজা বা সভা আদিৰ এক এৰাব নোৱাৰা অংগস্বৰূপ অসমৰ নাট্য সংস্কৃতিৰ অতুলনীয় অৱদান যাত্ৰাদলসমূহৰ সমস্যা সম্পৰ্কত অসম চৰকাৰে কিছু গুৰুত্ব আৰোপ কৰাৰ নিতান্তই প্ৰয়োজন বুলি মন্তব্য কৰে ৷ তেওঁ ক’ভিড বিধিৰ মাজেৰেই এই যাত্ৰা দলসমূহে নাট পৰিৱেশন কৰিব পাৰিব বুলিও মন্তব্য কৰে ৷

পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাত বিপাঙত যাত্ৰাদল

সভাত যাত্ৰাদল প্ৰযোজক সন্থাৰ কাৰ্যকৰী সভাপতি গোকুল মহন্ত, নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক চবিন পাঠক, উপ সভাপতি নৰেন পাঠক, প্ৰণৱ দাস, সাহিত্য সম্পাদক তথা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পিজে প্ৰিন্স, সহকাৰী সম্পাদক পাৰ্থ শৰ্মাকে ধৰি কেইবাগৰাকী লোকে যাত্ৰাদল প্ৰযোজকসকলৰ লগতে শিল্পী কলা কুশলীৰ সমস্যা সম্পৰ্কত মন্তব্য কৰে ।

সভাত মন্তব্য প্ৰকাশ কৰি যাত্ৰাদল প্ৰযোজক সন্থাৰ সভাপতি নৱ কুমাৰ শৰ্মাই কয় যে, অসম চৰকাৰে নাট্যদলসমূহক আখৰা কৰিবলৈ অনুমতি দিয়াত অসমৰ যাত্ৰাদলসমূহেও এইবাৰ বৰ আগ্ৰহেৰে আখৰা কৰিছিল আৰু নাট পৰিৱেশন কৰিবলৈ সাজু হৈছিল । যাত্ৰাদলৰ প্ৰযোজকসকলে নতুনকৈ চেটিংচ আৰু কাপোৰৰ নামত খৰচো কৰিছিল ।

ইয়াৰ মাজতে পূজা সমিতিসমূহৰ লগত নাট পৰিৱেশন কৰাৰ সম্পৰ্কত চুক্তি স্বাক্ষৰো হৈছিল । কিন্ত অসম চৰকাৰে নতুনকৈ ঘোষণা কৰা ক’ভিড এছ অ’ পি অনুসৰি পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ পিছতেই এতিয়া যাত্ৰাদলসমূহ বিপাঙত পৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে সভাপতি নৱ কুমাৰ শৰ্মাই ।

লগতে পঢ়ক :সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিয়ক : ভৱেশ কলিতা

সমান্তৰালকৈ, অসমৰ যাত্ৰা দলসমূহৰ লগত জড়িত শ শ শিল্পী কলা কুশলীৰ জীৱন জীৱিকাৰ লগতে অসমৰ সাতামপুৰুষীয়া সংস্কৃতিৰ প্ৰতি লক্ষ্য কৰি ক’ভিড প্ৰট’কলৰ মাজেৰেই যাত্ৰাদলসমূহক নাট পৰিৱেশন কৰাৰ সুযোগ দিবলৈ অসম চৰকাৰক আহ্বান জনালে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ সভাপতি নৱ কুমাৰ শৰ্মাই ।

উল্লেখ্য যে, চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাই সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ যাত্ৰাদলসমূহৰ আখৰা গৃহত প্ৰযোজক আৰু শিল্পী কলা কুশলীক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । সভাত এই সম্পৰ্কত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ২৩ ছেপ্তেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

আনহাতে, বিগত দুটা বছৰত ক’ৰণাসৃষ্ট পৰিৱেশৰ বাবেই বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা যাত্ৰাদলৰ প্ৰযোজকসকলক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰি সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় । যাত্ৰাদল প্ৰযোজক তথা কলা কুশলীৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে, এই সভাতেই আনুষ্ঠানিকভাৱে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ নৱ নিৰ্বাচিত সমিতিখনক কাৰ্যভাৰ অৰ্পণ কৰা হয় ।

লগতে পঢ়ক :আলফা(স্বা)ৰে প্ৰাথমিক আলোচনা কৰিবলৈ মুখ্যমন্ত্রীক কৰ্তৃত্ব প্ৰদান

ABOUT THE AUTHOR

...view details