জনীয়া, 15জুন :ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বেকী নদীৰ ভয়াৱহ খহনীয়াৰ বাতৰি সম্প্ৰচাৰৰ পাচতে খহনীয়া পৰিদৰ্শনৰ বাবে জনীয়াৰ কাউৰজাহীত উপস্থিত হ'ল কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৷
বিগত 15 দিন ধৰি ধাৰাবাহিক ভাৱে ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল কিদৰে, বেকী নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি বিঘাই বিঘাই গাঁওখনৰ বহু লোকৰ খেতি-মাটিৰ লগতে নৈ পৰীয়া লোকৰ ভেটি মাটি উছন কৰিছে ৷ ইয়াৰোপৰি ট্ৰেক্টৰে ট্ৰেক্টৰে অবৈধভাৱে নৈৰ পাৰ খনন কৰাৰ পাচত ৰূদ্ৰমূৰ্তি ধাৰণ কৰা খহনীয়াৰ বাতৰি ধাৰাবাহিক ভাৱে সম্প্ৰচাৰ হৈ আহিছে ইটিভি ভাৰতত ৷
Etv Bharatৰ বাতৰিৰ প্ৰভাৱ: কাউৰজাহীত উপস্থিত চক্ৰ বিষয়া ইফালে, প্ৰায় 15 টা পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাত দুৰ্ভগীয়া পৰিয়াল কেইটাই পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ তাৰ পাচতে খহনীয়াগ্ৰস্তৰ দুৰ্দশাৰ বাতৰি প্ৰত্যক্ষ কৰি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বিপাংকৰ কলিতাই ৷
সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি বিষয়া গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা হাতত ল'ব বুলিও গাঁওবাসীক আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক:প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল