বৰপেটা, 5 ছেপ্তেম্বৰ :চোৰাং কাঠৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বৰপেটা জিলাৰ বন বিভাগে ৷ জিলাখনৰ বন বিভাগে শনিবাৰে অভিযান চলাই বিভিন্ন স্থানত থকা কেইবাখনো চোৰাং কাঠৰ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান ছীল কৰি দিয়ে ৷
বৰপেটাত অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান বৰপেটাৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নিৰ্দেশক্ৰমে বৰপেটা আৰু বজালী জিলাত বন বিভাগে চলাইছিল এই অভিযান ৷ বন বিভাগে অভিযানৰ সময়ত প্ৰায় ৫৫ খনকৈ অবৈধ কাঠৰ দোকান ছীল কৰে ৷
বৰপেটাত অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান বনপালক মুনীন্দ্ৰ তালুকদাৰৰ নেতৃত্বত বহৰি, সৰভোগ আৰু পাঠশালাৰ খণ্ড বন বিষয়াৰ সহযোগত বন বিভাগৰ দলে জিলা দুখনৰ পাঠশালা, বৰপেটা, কয়াকুছি, নেউলাৰভিঠা, পালহাজী, জনীয়া, মন্দিয়া, গৰৈমাৰী, ছালটা, কলগাছিয়া, খৰিশালা, বহৰি, মাদ্ৰাছা, শিলা, কাকধোৱা আদিত অভিযান চলাই অবৈধ কাঠৰ দোকানসমূহ ছীল কৰে ৷ অবৈধ কাঠৰ ব্যৱসায় ৰোধ কৰাৰ বাবে বন বিভাগে চলোৱা এই অভিযানক আদৰণি জনাইছে ৰাইজে ৷
বৰপেটাত অবৈধ কাঠৰ দোকানৰ বিৰুদ্ধে বন বিভাগৰ অভিযান লগতে পঢ়ক :মহানগৰীত অগ্নিকাণ্ডত মৃত্যু নিৰীহ জন্তুৰ