জনীয়া, 9 মে': বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাটাৰটাৰীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । কলগাছিয়াৰ বামুনটাৰী বিকল্প ৰাজ্যিক ঘাইপথেৰে হাউলীৰ গৰাইমাৰী অভিমুখে গৈ থকা অৱস্থাত বামুনটাৰী বজাৰৰ কাষত AS-15-C- 4319 নম্বৰৰ চোৰাং শাল কাঠ ভৰ্তি ট্ৰেক্টৰ এখন ৰাইজে জব্দ কৰে ।
কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা - বৰপেটা জিলা
বৰপেটা জিলাৰ খাটাৰটাৰীত চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ হাউলীৰ গৰাইমাৰী অভিমুখে গৈ থকা অৱস্থাত বামুনটাৰী বজাৰৰ কাষত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ ৷

কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা
কলগাছিয়াত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা
পিছ মূহুৰ্ততে চালকে জানিব দিয়া মতে, চালান বিহীন কাঠখিনি খাটাৰটাৰী গাঁৱৰ গুলবৰ হুছেইনৰ বুলি জানিব পৰা গৈছে । কাঠ মাফিয়া গুলবৰ হুছেইনৰ নেতৃত্বত প্ৰায় প্ৰতি নিশাত এনেদৰে অবৈধ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে । পিছমূহুৰ্ততে ঘটনাস্থলীত কাঠ মাফিয়া গুলবৰ হুছেইনে উপস্থিত হৈ ৰাইজক নানা ভয় ভাবুকি দেখুৱাই কাঠভৰ্তি ট্ৰেক্টৰ খন লৈ উধাও হয় । কাঠ মাফিয়াক নাকী লগাবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক :ৰাজ্যৰ পঞ্চদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা