বৰপেটা ৰোডত চোৰাং কাঠ জব্দ
শনিবাৰে চিৰাং জিলাৰ ৰুণিখাটাৰ পৰা মহিন্দ্ৰ পিক আপ ভানেৰে চোৰাং কাঠ কঢ়িয়াই নি থকাৰ সময়ত চোৰাং কাঠ সহ চালকক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আটকাধীন যুৱকজনৰ নাম জেটচন বড়ো গয়াৰী ৷
চিৰাং 30 জুনঃ শনিবাৰে চিৰাং জিলাৰ ৰুণিখাটাৰ পৰা মহিন্দ্ৰ পিক আপ ভানেৰে চোৰাং কাঠ কঢ়িয়াই নি থকাৰ সময়ত চোৰাং কাঠ সহ চালকক আটক কৰে বৰপেটাৰোড আৰক্ষীয়ে ৷ আটকাধীন যুৱক নৰ নাম জেটচন বড়ো গয়াৰী ৷ যুৱকজনৰ ঘৰ চিৰাঙত বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 26C 0052 নম্বৰৰ গাড়ীৰে চিৰাঙৰ পৰা বৰপেটালৈ বনছোম কাঠৰ ৭টা মূল্যবান কুণ্ডা কঢ়িয়াই লৈ গৈ আছিল চালক জেটচন বড়ো গয়াৰীয়ে ৷ প্লাষ্টিকৰ পলিথিনেৰে মেৰিৱাই লৈ গৈ থকা সময়ত বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ৰাষ্ট্ৰীয় ঘাইপথৰ বেকী নৈৰ সমীপৰ পৰা গাড়ীখন জব্দ কৰাৰ লগতে গাড়ীৰ চালকজনক আটক কৰে ৷ আটকাধীন চালকজনক বৰপেটাৰোড আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে, জেৰাৰ অন্তত জব্দ কৰা মূল্যবান কাঠৰ কুণ্ডাসমূহ বৰপেটাৰোডৰ বন বিভাগক চমজাই দিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷