অসম

assam

ETV Bharat / state

কলগাছিয়াত উৎখাত অবৈধভাৱে ধন লেনদেন কৰা ঘাটি

সোমবাৰে কলগাছিয়া আৰক্ষীয়ে ম’বাইল চিম কাৰ্ড(SIM CARD)ৰ জৰিয়তে অবৈধভাৱে লেনদেন কৰা ঘাটি উৎখাত । এই সংক্ৰান্তত তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪ হাজাৰ চিম কাৰ্ড(SIM CARD), 12 টা ম’বাইল, ৬ টা এটিএম কাৰ্ড(ATM Card) আৰু বিভিন্ন ব্যক্তিৰ নথিপত্ৰ জব্দ কৰে আৰক্ষীয়ে ।

কলগাছিয়াত উৎখাত অবৈধভাৱে টকা লেনদেন কৰা ঘাটি
কলগাছিয়াত উৎখাত অবৈধভাৱে টকা লেনদেন কৰা ঘাটি

By

Published : Jun 15, 2021, 1:06 PM IST

জনিয়া, 15 জুন : কলগাছিয়া আৰক্ষীৰ সফল অভিযান । সোমবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়তপুৰ আৰু দেউকুৰাৰ পৰা ম’বাইল চিম কাৰ্ড(SIM CARD)ৰ জৰিয়তে অবৈধভাৱে ধনৰ লেনদেন কৰা এটি দল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযোগ অনুসৰি, দীৰ্ঘদিনৰ পৰা এই দলটোৱে অবৈধভাৱে চিম কাৰ্ড(SIM CARD) উলিয়াই অবৈধ ধনৰ লেনদেন কৰি আহিছিল ৷

উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৷ এই অভিযানত চৰিয়তপুৰ গাঁৱৰ ফজলুল ৰহমান আৰু ৰুবুল আহমেদ নামৰ দুই ভাতৃৰ লগতে দেউকুৰা গাঁৱৰ ৰাজু খান নামৰ তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

কলগাছিয়াত উৎখাত অবৈধভাৱে ধন লেনদেন কৰা ঘাটি

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চৰিয়তপুৰ গাঁৱৰ ফজলুল ৰহমান আৰু ৰুবুল আহমেদৰ ঘৰৰ পৰা ৪ হাজাৰ চিম কাৰ্ড(SIM CARD), 12 টা ম’বাইল, ৬ টা এটিএম কাৰ্ড(ATM Card) আৰু বিভিন্ন ব্যক্তিৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে আৰক্ষীয়ে এই সংক্ৰান্তত পাতলিকুছি গাঁৱৰ ছাদ্দাম হুছেইন নামৰ আন এজনক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক:MORAL POLICING : শিশু নিৰ্যাতনত জড়িত অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details